ফাঁচীবজাৰত ক’ভিডৰ নীতি–নির্দেশনা উলংঘা গ্রাহক–ব্যৱসায়ীৰঃ গণ সংক্রমণৰ আশংকা

ফাঁচীবজাৰত ক’ভিডৰ নীতি–নির্দেশনা উলংঘা গ্রাহক–ব্যৱসায়ীৰঃ গণ সংক্রমণৰ আশংকা

 ক’ৰোনা মহামাৰীৰ দ্রুত সংক্রমণে ক্রমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতো সজাগ হোৱা নাই একাংশ লোক৷ নিতৌ ক’ৰোনাত আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পাছতো ক’ভিড প্রট’কল উলংঘা কৰি একাংশ লোকে জনসমাগম সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷

গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তৰ লগতে ফাঁচীবজাৰতো সামাজিক দূৰত্ব উলংঘাৰে একাংশ লোকে মুকলিভাৱে ঘূৰি ফুৰিছে৷ চৰকাৰ–প্রশাসনে ক’ৰোনা মহামাৰী ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবলৈ স্বাস্থ্য বিভাগৰ নির্দেশনা মানি চলাৰ বাবে মহানগৰবাসীক বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো ফাঁচীবজাৰত অগণন লোকে ভিৰ কৰিছে৷ সামাজিক দূৰত্ব মানি চলাৰ বিপৰীতে গাতে গা লগাই বহু লোকে সামগ্রী ক্রয় কৰিছে৷

অৱশ্যে ইয়াৰে একাংশই মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে যদিও অধিকাংশ লোকে মাস্ক পৰিধান কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিছে৷ একেদৰে ফাঁচীবজাৰৰ একাংশ ব্যৱসায়িক প্রতিষ্ঠানতো ক’ভিড প্রট’কল উলংঘা কৰা দেখা গৈছে৷ ব্যৱসায়িক প্রতিষ্ঠানৰ সন্মুখত ছেনিটাইজাৰ নামমাত্র ৰাখিছে যদিও গ্রাহকসকলে হাত পৰিষ্কাৰ নকৰাকৈ দোকানত প্রৱেশ কৰিছে৷ এই দৃশ্য প্রত্যক্ষ কৰিও ব্যৱসায়িক স্বার্থৰ বাবে গ্রাহকসকলক তেওঁলোকে কোনো কথা কোৱা নাই৷ যদিহে এইক্ষেত্রত ব্যৱসায়ীৰ লগতে গ্রাহকসকল সজাগ নহয়, তেনে ফাঁচীবজাৰৰ ব্যৱসায়ীসকলৰ পৰা ভয়ংকৰ সংক্রমণৰ আশংকাই দেখা দিছে৷

GTM Desk

Related