fbpx
October 19, 2021

ফাতেমাবাদ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিঃ শ্ৰমিকৰ ধন আত্মসাৎৰ অভিযোগত চাহ মজদুৰ সমিতিৰ সভাপতিক আক্ৰমণ

বাক্সাৰ শালবাৰী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ফাতেমাবাদ চাহ বাগিচাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয় । ধন আত্মসাৎ কৰাক কেন্দ্ৰ কৰি বাগিচাখনৰ চাহ শ্ৰমিকৰ আক্ৰমণত আহত হয় চাহ মজদুৰ ইউনিয়নৰ সভাপতি হিৰালাল খেৰকাটীয়া । প্ৰাপ্ত খবৰ অনুসৰি ,বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচাৰ পূজাৰ পূৰ্বে লাভ কৰা বাগিচাখনৰ ১৩০০ চাহ শ্ৰমিকে লাভ কৰা ১৬ শতাংশ বোনাচৰ পৰা সদৌ অসম চাহ মজদুৰ ইউনিয়নৰ ফাতেমাবাদ ইউনিটৰ সভাপতি হীৰালালা খেৰকাটীয়াই ১২৫ টকাকৈ বলপূৰ্বকভাৱে আদায় লোৱাৰ অভিযোগ তুলি আজি সন্ধিয়াৰ ভাগত শ্ৰমিকসকলে উত্তপ্ত কৰি তোলে বাগিচা পৰিচালকৰ কাৰ্যালয় চৌহদ ।

পিছত ঘটনাস্থলীত উপস্থিত হোৱা হীৰালাল খেৰকটীয়াক আক্ৰমণ কৰে বাগিচাখনৰ একাংশ শ্ৰমিকে । শ্ৰমিকৰ আক্ৰমণত আহত হয় চাহ মজদুৰ সমিতিৰ সভাপতি হীৰালাল । পৰবৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বাঁ‌হবাৰী আৰক্ষী পহৰা চকীৰ বিষয়াসহ অৰ্ধসামৰিক বাহিনীৰ দল । আৰক্ষীয়ে ততাতৈয়াকৈ হীৰালালক হস্পিতাললৈ প্ৰেৰণ কৰে । আৰক্ষী- অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ।

error: Content is protected !!
%d bloggers like this: