শিমলুটাপুত ইউপিপিএলত যোগ দিলে শতাধিকে

1 min read

শিমলুটাপুত ইউপিপিএলত যোগ দিলে শতাধিক, ৰাইজৰ বিশ্বাস আৰু সহযোগিতাই সপোনৰ বিটিআৰক বাস্তৱ ৰূপ দিয়াত সহায় কৰিবঃ উইলছন হাছদা

উপ–নিৰ্বাচনক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত বিভিন্ন ৰাজনৈতিক দলে নিজ দলৰ কাৰ্যপন্থা অনুযায়ী কৰ্মত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। কালি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উইলছন হাছাদাই সমষ্টিটোৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত দলটোৰ কালি অনুষ্ঠিত বৃহৎ যোগদান কার্যসূচীত তেওঁ উপস্থিত থাকে। হাছদাই এই সম্পৰ্কে উল্লেখ কৰে– ”এই কার্যসূচীত ইউপিপিএল দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তথা বিটিআৰৰ উন্নয়নৰ স্বাৰ্থত দুশজনকৈ লোকে আমাৰ দলত যোগদান কৰে।”

 

শিমলুটাপুত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত বৃহৎ সংখ্যক লোকে ইউপিপিএলত যোগদান কৰে। হাছদাই কয় যে ইউপিপিএল দলৰ প্ৰতি নতুনকৈ যোগদান কৰা লোকসকলৰ দলৰ প্ৰতি বিশ্বাস আৰু সহযোগিতাই সপোনৰ বিটিআৰক বাস্তৱ ৰূপ দিয়াত সহায় কৰিব।

উল্লেখ্য, ৰাজনৈতিক দলসমূহে নিজ নিজ মনোনীত বা সমৰ্থিত প্রাৰ্থীক জয়ী কৰাবলৈ দৈনন্দিন বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে। আন ৰাজনৈতিক দলৰ দৰে বিটিচিৰ শাসনভাৰ লোৱা ইউ পি পি এল তথা মিত্ৰজোঁটে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰৰ দিশে আগবাঢ়িছে।

You May Also Like

More From Author