ছাত্রীলৈ হোৱাটছএপ–ফেচবুক অশ্লীল মেছেজ সহকাৰী অধ্যাপকৰ

ছাত্রীলৈ হোৱাটছএপ–ফেচবুক অশ্লীল মেছেজ সহকাৰী অধ্যাপকৰ

পুনৰ বিতর্কত সাঙোৰ খাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়৷ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ গৰিমাত এইবাৰ কালিমা সানিলে এগৰাকী সহকাৰী অধ্যাপকে৷ হিন্দী বিভাগৰ অমিত পাণ্ডে নামৰ অধ্যাপকজনে শেহতীয়াকৈ কেইবাগৰাকী ছাত্রীলৈ হোৱাটছএপ আৰু ফেচবুকযোগে অশ্লীল মেছেজ প্রেৰণ কৰি শিক্ষানুষ্ঠানখনৰ পৰিৱেশ দূষিত কৰাই নহয়, শিক্ষক আৰু ছাত্র–ছাত্রীৰ মাজৰ সম্পর্কও অৱনমিত কৰিলে৷ উত্থাপিত অভিযোগ অনুসৰি অমিত পাণ্ডে নামৰ হিন্দী বিষয়ৰ শিক্ষকজনে একেই বিভাগৰে কেইবাগৰাকী ছাত্রীক বিভিন্ন সময়ত হোৱাটছএপযোগে অশ্লীল মেছেজ দি ব্যতিব্যস্ত কৰি আহিছিল৷ বিষয়টো শেহতীয়াকৈ চর্চিত হোৱাত সকলো ঘটনা পোহৰলৈ আহে৷

আনহাতে শিক্ষকগৰাকীৰ এনে নিকৃষ্ট কাণ্ড সন্দর্ভত ভুক্তভোগী ছাত্রীকেইগৰাকীয়ে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাক অৱগত কৰাত ছাত্র সন্থাই ততালিকে অমিত পাণ্ডেক বিশ্ববিদ্যালয়ত প্রৱেশ নিষিদ্ধ কৰি ইয়াৰ উচিত তদন্তৰ দাবী তোলে৷ ছাত্রীক মেছেজযোগে চলোৱা এনে যৌন নির্যাতনৰ বিৰুদ্ধে স্নাতকোত্তৰ ছাত্র সন্থাই আজি বিশ্ববিদ্যালয়ৰ উপাচার্যক এখন স্মাৰক–পত্র প্রদান কৰি সমগ্র বিষয়টোৰ এক উচিত তদন্ত কৰি শিক্ষকগৰাকীক বর্খাস্ত কৰাৰ দাবী কৰে৷ বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি উল্লাহ উদ্দীপ্ত বৰা আৰু সাধাৰণ সম্পাদক পার্শ্ব পাটগিৰিয়ে স্মাৰক–পত্রযোগে ইয়াকো স্পষ্ট কৰি দিয়ে যে ছাত্রীৰ ওপৰত চলোৱা এনে যৌন নির্যাতন কোনো কাৰণতে নৰম দৃষ্টিৰে চোৱা নহ’ব৷ উপাচার্যক সমগ্র বিষয়টো তদন্ত কৰিবলৈ এখন তদন্ত কমিটী গঠনৰ দাবী কৰাৰ লগতে ছাত্র সন্থাই এই কমিটীত ছাত্র প্রতিনিধি থাকিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে৷

মন কৰিবলগীয়া যে শিক্ষকৰ দ্বাৰা ছাত্রীৰ ওপৰত চলোৱা যৌন নির্যাতনৰ এনে ঘটনা ইয়াৰ পূর্বে গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হৈছে৷ আনহাতে হিন্দী অধ্যাপক অমিত পাণ্ডে ইয়াৰ পূর্বেও ছাত্রীক অশ্লীল মেছেজ দিয়াৰ বাবে কর্তৃপক্ষৰ সকীয়নি খাব লগা হৈছিল৷ কিন্তু তাৰ পিছতো বিভিন্ন ধৰণৰ প্রলোভন আৰু ব্লেকমেইলিঙৰ দ্বাৰা বিভাগৰ ছাত্রীক অশ্লীল মেছেজ আৰু ইংগিত প্রদান কৰি অহাৰ অভিযোগ আনিছে বহুকেইগৰাকী ছাত্রীয়ে৷

 

GTM Desk

Related