উচ্চতম ন্যায়ালয়ৰ ৰায় – নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰৱেশ পৰীক্ষাত বহিব পাৰিব মহিলা
উচ্চতম ন্যায়ালয়ে আজি মহিলাসকলকো ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ নামভৰ্তি পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰে।যদিও কেন্দ্ৰই কয় যে মহিলাসকলে প্ৰৱেশ কৰিবলৈ অপাৰগ হ’লে কোনেও মৌলিক অধিকাৰ উলংঘন কৰাৰ দাবী কৰিব নোৱাৰে,উচ্চতম ন্যায়ালয়ে বৰ্তমান মহিলা প্ৰাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (এন ডি এ) দুৱাৰ মুকলি কৰিছে। আদালতে মহিলাসকলক ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিছে। অৱশ্যে, এন ডি এত নামভৰ্তি হ’ব নে নহয় সেয়া আদালতৰ চূড়ান্ত ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব।
ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ ঋষিকেশ ৰয়ে ইয়াকে লৈ এক অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছিল। আবেদনখনত কোৱা হৈছিল যে মহিলাসকলক এন ডি এত যোগদানৰ পৰা আঁতৰাই ৰখাটোৱে সংবিধানৰ ১৪, ১৫, ১৬ আৰু ১৭ অনুচ্ছেদ উলংঘা কৰে। আবেদনকাৰীৰ মতে, মহিলা প্ৰাৰ্থীসকলক লিংগৰ ভিত্তিত এন ডি এত প্ৰৱেশ কৰাৰ সুযোগৰ পৰা বঞ্চিত কৰা হৈছে।