22.7 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

ছাত্রক চেৰ পেলাই উজলিল ছাত্রী

Assamese Newsছাত্রক চেৰ পেলাই উজলিল ছাত্রী

চি বি এছ ইৰ দশম শ্রেণীৰ ফলাফল ঘোষণা কৰা হৈছে৷ ক’ৰোনাৰ বাবে বাতিল কৰা পৰীক্ষাৰ ফলাফল আজি নতুন মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰিছে চি বি এছ ইয়ে৷ আজি ঘোষিত ফলাফল অনুসৰি উত্তীর্ণৰ হাৰ ৯৯.০৪ শতাংশ৷ দেশৰ ১৬টা মণ্ডলৰ ভিতৰত ত্রিবান্দ্রমত সর্বাধিক ৯৯.৯৯ শতাংশ উত্তীর্ণ হোৱাৰ বিপৰীতে উত্তৰ–পূব গুৱাহাটী মণ্ডলত সর্বনিম্ন ৯০.৫৪ শতাংশ উত্তীর্ণ হৈছে৷

অর্থাৎ দেশৰ ভিতৰত সর্বনিম্ন উত্তীর্ণৰ হাৰ গুৱাহাটীত৷ দেশৰ ৰাজধানী দিল্লীৰ পশ্চিমত ৯৮.৭৪ শতাংশৰ বিপৰীতে দিল্লী পূবত উত্তীর্ণ হাৰ ৯৭.৮০ শতাংশ৷ এইবেলি পৰীক্ষাত ছাত্রক পিছ পেলাই উজলিল ছাত্রী৷ ছাত্রৰ উত্তীর্ণ হাৰৰ বিপৰীতে ছাত্রীৰ উত্তীর্ণৰ হাৰ অধিক৷ ছাত্রতকৈ ছাত্রীৰ উত্তীর্ণৰ হাৰ ০.৩৫ শতাংশ বেছি৷

আনপিনে, ৯৫ শতাংশৰ অধিক নম্বৰ লাভ কৰিছে উত্তীর্ণৰ ২.৭৬ শতাংশই৷ দেশত মুঠ ৫৭,৮২৪ শিক্ষার্থীয়ে ৯৫ শতাংশৰ অধিক নম্বৰ লাভ কৰিছে৷ বিদেশী শিক্ষার্থীৰ হাৰ ৯৯.৯২ শতাংশ৷ অর্থাৎ ২৪,৪২০জন বিদেশী শিক্ষার্থীয়ে উত্তীর্ণ হৈছে৷ কেন্দ্রীয় বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ১০০ শতাংশ৷ এইবেলি ফলাফলত ০.৮৪ শতাংশ অর্থাৎ ১৭,৬৩৬ শিক্ষার্থীয়ে কম্পার্মেণ্ট পাইছে৷ তৃতীয় লিংগৰ শিক্ষার্থীৰ হাৰ ১০০ শতাংশ৷ দশম শ্রেণীৰ উত্তীর্ণ শিক্ষার্থীসকলক কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: