স্তন প্রদাহ

0 min read

মষ্টাইটিছ হৈছে যুৱতী বা মহিলাৰ বুকু প্রদাহিত হোৱা একপ্রকাৰ ৰোগ৷ কেৱল যদি স্তনযুগল বা যিকোনো এটি প্রদাহিত হয়, তেন্তে তাক পেৰেনকাইমেটাছ মেষ্টাইটিছ বোলা হয়৷বহুতো বাহ্যিক বা আভ্যন্তৰীণ কাৰণত স্তনৰ প্রদাহ হ’ব পাৰে৷ কিছুমান চর্মৰোগ বিশেষকৈ বিসর্প, এৰিথিমা, কাউৰ ঘা, প্রুৰিগ’ৰ আক্রমণ, স্তন বন্ধনিৰ ঘর্ষণ, ফোঁহোৰা, অগ্ণিদাহ, স্তনত আঘাত লগা, স্তনত ঠাণ্ডা লগা, অতি মাত্র ভয় খোৱা আদি বিভিন্ন কাৰণত ছালৰ ঠিক তলভাগতে থকা কৌষিক তন্ত্রসমূহ প্রদাহিত হৈ স্তনৰ ভিতৰ ভাগলৈ বিস্তৃত হয়৷ কেতিয়াবা দুগ্ধ বা আন ৰস অত্যধিক নিঃসৰিত হোৱাৰ ফলত স্তনৰ ভিতৰভাগৰ ৰস–বাহিকা সূক্ষ্ম নলীসমূহ ওফন্দি পৰে৷ তেনে অৱস্থাত ৰস আধিক্য হোৱা হেতুকে অতিপ্রসাৰণ আৰু সঞ্চালন ক্রিয়াত ব্যাঘাত জন্মে৷ ইয়াৰ ফলতো স্তন প্রদাহিত হ’ব পাৰে৷ এইক্ষেত্রত প্রদাহ প্রক্রিয়া স্তনৰ ভিতৰভাগৰ পৰা আৰম্ভ হৈ বহির্মুখলৈ বিস্তৃত হয় আৰু ছালপর্যন্ত আৱৰি ধৰে৷ কেতিয়াবা যিকোনো এটা আৰু কেতিয়াবা দুয়োটা স্তনেই এনেদৰে আক্রান্ত হ’ব পাৰে৷
আক্রান্ত স্তনটো কিছু পৰিমাণে ৰক্তিম আভাযুক্ত হয় আৰু কিছু পৰিমাণে ফুলি উঠে৷ কিছু বিষ থাকে আৰু স্তনৰ ভিতৰভাগত বিষযুক্ত পিণ্ড বা লডাৰ আৱির্ভাৱ হয়৷ ছালৰ উপৰিভাগ ইৰিচিপিলাচাসচৰ দৰে প্রদাহিত হয়৷ কাষৰ গ্রন্থিসমূহ ফুলি উঠে আৰু বিষায়৷ কিন্তু সেইবোৰ কঠিন আকাৰ ধাৰণ নকৰে৷ এইবোৰত প্রায়ে পূঁজ উৎপত্তি হৈ প্রদাহবোৰ স্ফোটকত পৰিণত হয়৷ স্ফোটকবোৰ বহির্মুখে বিদীর্ণ হৈ ৰোগ আৰোগ্য হয়৷ কেতিয়াবা কেতিয়াবা আকৌ নলী বা ছাইনাছৰ উৎপত্তি হয়৷ আক্রমণৰ আৰম্ভণিতে আৰু পূঁজ উৎপত্তি হোৱাৰ সময়ত কিছু পৰিমাণে জ্বৰ হ’ব পাৰে৷
এই কাৰণসমূহৰ উপৰি বুকুৰ বিষ, হাঁওফাঁও বা ইয়াৰ আৱৰণীৰ প্রদাহ, হাঁওফাঁওৰ যন্ত্রণা, বুকুত ৰক্ত সঞ্চয়, কামিহাড় ভগা, হাড়ৰ ক্ষয় আদি বিভিন্ন কাৰণত স্তনৰ গভীৰাংশত প্রদাহ হ’ব পাৰে৷ কেতিয়াবা কেতিয়াবা এই উপসর্গসমূহ স্বতঃস্ফূর্তভাৱে বা অজ্ঞাতসাৰে দেখা দিব পাৰে৷ অথবা জ্বৰ হ’লে জ্বৰৰ সৈতেও দেখা দিব পাৰে৷
স্তন প্রদাহিত হ’লে ঠাণ্ডা লগাব নালাগে৷ আক্রান্ত স্তনৰ ফালৰ বাহুটো বেছি লৰচৰ কৰিব বা জোকাৰণি খুৱাব নালাগে৷ স্তনত স্ফোটক হ’লেও অস্ত্রোপচাৰৰ প্রয়োজন নহয়, অস্ত্রোপচাৰ কৰিলে পাছলৈ স্তনৰ সৌন্দর্য হানি হ’ব বাৰে আৰু স্তনৰ স্বাভাৱিক ক্রিয়াত ব্যাঘাত জন্মাৰ সম্ভাৱনা থাকে৷
স্তন প্রদাহৰ ঘৰুৱা যতনঃ
স্তনত বিষ হ’লে হালধি এটুকুৰা মিহিকৈ পিহি কিছু সময় স্তনত লেপ দি থ’ব লাগে৷
স্তনত ফোঁহা বা স্ফোটক হ’লে কেঁচা হালধি বটি লেপ দিয়াৰ লগতে ইয়াৰ ৰস ৫০ মিঃলিঃ খাব লাগে৷
স্তন টনটনালে কলমৌ শাক ১০০ গ্রাম মিহিকৈ পিহি লেপ দিব লাগে আৰু ইয়াৰ তৰকাৰি খাব লাগে৷
স্তনত সিৰাস্ফীতি হ’লে কুহুমীয়া পানীৰে ভালদৰে স্তন ধুই জলফাই আৰু নাৰিকল তেল মিহলি কৰি মালিচ কৰিব লাগে৷
স্তন প্রদাহৰ হোমিঅ’ চিকিৎসাঃ
ফাইটলাক্কাঃ স্তন প্রদাহৰ অন্যতম প্রধান ঔষধ৷ স্তন অত্যন্ত কঠিন আৰু বিষময় হয়৷ স্তনৰ ভিতৰত দুগ্ধৰ আতিশয্য থাকে আৰু ঠায়ে ঠায়ে বিষযুক্ত কঠিন লদা থাকে৷ ৩০ টোপাল ঔষধ এক আউন্স পানীত মিহলাই স্তনৰ বাহিৰত প্রয়োগ কৰিব লাগে৷
বেলাড’নাঃ স্তন প্রদাহৰ আৰম্ভণিতে এই ঔষধ অতিশয় উপকাৰী৷ স্তন স্ফীত আৰু কঠিন হৈ পৰে৷ দপদপনি আৰু হুলে বিন্ধাৰ নিচিনা জ্বালাযুক্ত বিষ থাকে, উজ্জ্বল ৰঙা ৰেখা বিচ্ছুৰিত হয় আৰু তাৰ লগতে প্রবল জ্বৰ, মূৰৰ বিষ, কম পৰিমাণে প্রস্রাৱ আদি থাকিব পাৰে৷
ব্রায়’নিয়াঃ স্তন স্ফীত হৈ টনটনাব পাৰে, কিন্তু বিশেষভাৱে ৰঙা নপৰে৷ খচখচাই থাকে, বিষ থাকে, সামান্য লৰচৰ কৰিলেই অসহ্যবোধ হয়৷
হিপাৰ ছাল্ফঃ পূঁজ উৎপাদনৰ উপক্রম হ’লে বা পূঁজ জন্মিলে ই ফলপ্রসূ হয়৷ স্ফোটক বিদীর্ণ হোৱাৰ পাছতো স্তন অত্যন্ত কঠিন হৈ থাকিলে আৰু অতি কম পৰিমাণে পূঁজ ওলাই থাকিলে ই উপকাৰী৷ স্পর্শ কৰিলে বিষ বাঢ়ে আৰু উত্তাপ প্রয়োগ কৰিলে উপশম বোধ হয়৷
হোমি’পেথী হৈছে ৰোগীৰ সামগ্রিক আৰু মানসিক লক্ষণভিত্তিক চিকিৎসা ব্যৱস্থা৷ সেই গতিকে নিজে ঔষধ কিনি খোৱাতকৈ অভিজ্ঞ চিকিৎসকৰ পৰামর্শ মর্মেহে ঔষধ সেৱন কৰাটো অধিক কল্যাণকৰ৷

You May Also Like

More From Author