16.1 C
Assam
Friday, December 9, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

কোনোবাই জন্মতে সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰে অথচ কোনোৱে ধৰালৈ আহিয়েই বহন কৰে দৰিদ্ৰতা-যন্ত্ৰণা, গৰ্ভ গীতাই কৈছে কিয় এনে হয়?

Assamese Newsকোনোবাই জন্মতে সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰে অথচ কোনোৱে ধৰালৈ আহিয়েই বহন কৰে দৰিদ্ৰতা-যন্ত্ৰণা, গৰ্ভ গীতাই কৈছে কিয় এনে হয়?

জীৱন মানেই সুখ আৰু দুখৰ সমষ্টি। কিন্তু সংসাৰত এনে কিছুমান মানুহ থাকে যিসকল জন্মৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থাকে। তেওঁলোকক আধুনিক ভাষাত দিব্যাংগ বুলি কয়। কোনোৱে জন্মৰ পৰাই আৰু কোনোৱে জীৱনৰ আদবাটতে এনে সমস্যা পৰে। এয়া স্বাভাৱিকতে অতি কৰুণ কথা। ইয়াৰ লগতে কোনোবাই জন্মতে সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰে, অৰ্থাত্‍ ধনী লোকৰ পৰিয়ালত তেওঁলোকৰ জন্ম। কিন্তু জন্মৰ সময়ত এই তাৰতম্য কিয় হয়। তাৰ কিবা আধ্যাত্মিক ব্যাখ্যা আছে নেকি? হয়, এই সম্পৰ্কে ব্যাখ্যা কৰিছে গীতাত। ৰজা পৰীক্ষিতৰ জনমৰ সময়ত ভগৱান শ্রীকৃষ্ণ আৰু অৰ্জুনৰ মাজত যি কথোপকথন হৈছিল তাতা এই ব্যাখ্যা দিয়া হৈছে। গীতাৰ এই অংশক গর্ভ গীতা বোলা হয়।

ভগৱান শ্রীকৃষ্ণই অৰ্জুনক কৈছিল- ”হে অর্জুন, এই সংসাৰৰ প্রায় প্রতিজন মানুহেই মায়াত বন্দী, কি বস্তু মানুহে লাভ কৰিব, কেনেকৈ লাভ কৰিব আদি চিন্তা মানুহৰ মনৰ পৰা কেতিয়াও দূৰ নহয়, মানুহৰ অস্তপ্ৰহৰ মায়াত বন্দী আৰু মায়াৰে অন্ত পৰে, সেয়ে মানুহৰ বাৰম্বাৰ জন্ম আৰু মৃত্যু হয়।” কৃষ্ণৰ কথা শুনি অৰ্জুনে সন্মতি জনাই কৈছিল- ”সেয়া আমাৰ মনেই বিচাৰে প্ৰভু , আৰু আমাৰ মন হৈছে আপোন ইচ্ছাত চলাফুৰা কৰা হাতীৰ দৰে, আৰু এই মনৰ তৃষ্ণা কেতিয়াও দূৰ নহয়।” কৃষ্ণই কৈছিল- ”নিঃসন্দেহে এই মন হাতীৰ দৰে, আৰু এই মনে পঞ্চইন্দ্রিয়ক নিয়ন্ত্রণ কৰে, পঞ্চইন্দ্ৰিয়ৰ পৰা উদ্ভৱ হয় কাম, ক্রোধ, লোভ, মোহ আৰু অহংকাৰ, আৰু এইসমূহৰ মাজত অহংকাৰ অতি ঘৃণনীয়, ই মানুহক নৰকলৈ লৈ যায়, সেইকাৰণে হাতীক যেনেদৰে এজন মাউতে নিয়ন্ত্রণ কৰে ঠিক তেনেদৰে মানুহৰ মনৰূপী হাতীক নিয়ন্ত্রণ কৰা সম্ভৱ আৰু দৰকাৰী আৰু তাৰ বাবে প্রয়োজন জ্ঞান, জ্ঞানৰ আলোকত মানুহে তেওঁৰ মনৰ এই ৰিপুসমূহ নিয়ন্ত্রণ কৰিব পাৰে।”

অর্জুনে শ্রীকৃষ্ণক প্রশ্ন কৰিছিল, ”হে বাসুদেৱ, কিয় কোনাবা ব্যক্তিৰ স্ত্রী অথবা স্বামীৰ অকাল মৃত্যু হয়, কিয় কোনো লোকৰ পুত্ৰৰ অকাল মৃত্যু হয়, কিয় কিছুমান মানুহ নিঃসন্তান থাকে, কিয় কিছুমান মানুহ নপুংসক হয়?” উত্তৰত শ্ৰীকৃষ্ণই কৈছিল, ”কাৰোবাৰ পৰা ঋণ লৈ যদিহে কোনো লোকে পৰিশোধ নকৰে, সেই গৃহৰ স্বামী অথবা স্ত্রীৰ অকাল মৃত্যু হয়, অথবা কোনো ব্যক্তিয়ে যদি পৰপুৰুষ গমন কৰে বা পৰস্ত্রী গমন কৰে একে ফলে ভুগিব লাগিব, যি ব্যক্তিয়ে আন কাৰোবাৰ আমানাতৰ ধন-সম্পদ আত্মসাত্‍ কৰে, তেনে ব্যক্তিৰ পুত্র বা কন্যাৰ অকাল মৃত্যু হয়। কাৰোবাক প্রতিশ্রুতি দি সময়ত সেই কাম সম্পূর্ণ নকৰিলে মানুহ নপুংসক হৈ জন্ম লয়, যি লোকে ভ্রুণহত্যা কৰে, তেনে লোকে দুটা জনম নিঃসন্তান হৈ থাকে।”

লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল- ”হে অর্জুন, যিয়ে স্বর্ণ দান কৰে, যিয়ে অর্থ দান কৰে আৰু সেই দানৰ বাবে কোনো অহংকাৰ নকৰে, তেওঁলোকে সমস্ত বস্তুৱে প্রাপ্ত কৰে। আৰু যিয়ে অন্নদান কৰে, তেওঁলোকৰ স্বৰূপ সুন্দৰ হয়, যিয়ে বিদ্যা দান কৰে, যিয়ে গুৰুৰ সেৱা কৰে তেওঁলোক বিদ্বান হয়, যিয়ে সৰু ল’ৰা-ছোৱালীক মৰম কৰে, তেওঁলোকৰ সুসন্তান প্রাপ্তি হয়।”

অর্জুনে প্রশ্ন কৰিছিল, ”হে কৃষ্ণ, কাৰোবাৰ অৰ্থৰ আৰু কাৰোবাৰ মহিলাৰ প্ৰতি প্ৰীতি অত্যাধিক থাকে, তাৰ কাৰণ কি?” অর্জুনৰ প্ৰশ্নৰ উত্তৰত কৃষ্ণই কৈছিল, ”ধন আৰু নাৰীৰ মোহ হৈছে মানুহৰ নাশ ৰোগ, কিন্তু ঈশ্বৰৰ প্রতি মানুহৰ কোনো নাশ নাথাকে।”

অর্জুনে সুধিছিল, ” হে বাসুদেৱ, মানুহে কেনেকৈ পৰিশ্ৰম নকৰাকৈ আকস্মিক ধন লাভ কৰে, তাৰ বাবে তেওঁলোকে কি পুণ্য কৰে?” অৰ্জুনৰ প্ৰশ্নত হাঁহি মাৰি কৃষ্ণই উত্তৰ দিছিল- ”যিয়ে গোপনে দান কৰে তেওঁলোকৰ আকস্মিক ধন প্রাপ্তি হয়, যিয়ে ঈশ্বৰৰ আৰাধনা কৰে, যিয়ে লোকৰ সেৱা কৰিছে, তেওঁলোক দীর্ঘায়ু হয়, ৰোগমুক্ত হৈ থাকে।”

গুৰু সন্দৰ্ভত ভগৱান শ্রীকৃষ্ণই কৈছিল, ”অর্জুন, যি ব্যক্তিয়ে গুৰুৰ পৰা বিদ্যা লাভ কৰি মুখ ঘূৰাই দিয়ে, যিয়ে সদায় লোকক অপমান কৰে, সেই ব্যক্তি বোবা-অন্ধ হৈ যায়, যি লোকে সদায় খঙক প্রশ্রয় দিয়ে, তেওঁৰ তেজত ৰাগ হয়, যিয়ে সদায় লেতেৰা আৰু অপৰিষ্কাৰ হৈ থাকে তেওঁলোক দৰিদ্ৰ হয়, পৰকালত দৰিদ্ৰৰ গৃহত জনম লভে, যি লোকে পৰস্ত্রী বা পৰপুৰুষৰ নগ্নতালৈ দৃষ্টি দিয়ে, তেওঁলোক অন্ধ হৈ যায়।”

ভগৱান শ্ৰীকৃষ্ণৰ জ্ঞান-গৰিমা দেখি অর্জুনে কৈছিল- ”হে প্রভু আপোনাক নমস্কাৰ, আগতে মই আপোনাক আত্মীয় বুলি জ্ঞান কৰিছিলোঁ আৰু এতিয়া বুজিলোঁ আপুনি পৰম ভগৱান, এতিয়া আপুনি কওকচোন জীৱনত গুৰুৰ ভূমিকা আৰু গুৰুদীক্ষা কেনেকৈ হয়?” ভগৱান শ্রীকৃষ্ণই কৈছিল হে অর্জুন তুমি ধন্য, তোমাৰ মাতা আৰু পিতা ধন্য যে তেওঁলোকে তোমাৰ দৰে পুত্র সন্তান লাভ কৰিছে। শুনা অৰ্জুন, সমস্ত সংসাৰৰ গুৰু হৈছে জগন্নাথ, বিদ্যাৰ গুৰু কাশী আৰু চাৰিটা বৰ্গৰ গুৰু সন্ন্যাসী, যিয়ে সকলো ত্যাগ কৰি মোৰ কথা মনত কৰিছে তেওঁ হৈছে জগতগুৰু। হে অর্জুন, মন দি শুনা, কেনে গুৰুৰ সংস্পৰ্শলৈ যোৱা উচিত– যি গুৰুৱে সংসাৰ জয় কৰিছে, যিয়ে সমস্ত ইন্দ্রিয়ক ঈশ্বৰ বুলি আচৰণ কৰে, যি সমস্ত জগতৰ প্রতি উদাসীন, তেনে গুৰুৰ সংগত থকা উচিত, যিয়ে পৰমেশ্বৰক জানে সেই গুৰুৰ পূজা কৰা উচিত। হে অর্জুন, যি গুৰুৰ ওচৰত থাকি যি ভক্তই গুৰুৰ সৈতে ভোজন কৰে তেওঁৰ ভোজন সফল, যি গৃহস্থ গুৰুবিহীন তেওঁলোক চণ্ডালৰ সম, মদিৰাৰ ভাণ্ডাৰত যেনেকৈ গঙ্গাজল অপৱিত্র হয়, তেনেকৈ গুৰু বিমুখ ব্যক্তিৰ ভোজন সদায়ে অপৱিত্র । যাৰ প্রতি ভক্তি ওপজে তেওঁক গুৰু বুলি স্বীকাৰ কৰা, যাকে তুমি মনে-প্রাণে বিশ্বাস কৰা, যাৰ কথা তোমাৰ অন্তৰত সোমায়, তেওঁকে তুমি গুৰু বুলি মানি লোৱা। লগতে শ্রীকৃষ্ণই কৈছিল, ”যদি গুৰু বিচাৰি নোপোৱা, তেনেহ’লে মোক গুৰু বুলি জ্ঞান কৰিবা, আৰু গুৰুদীক্ষা হৈছে দুটি আখৰ। যাৰ অৰ্থ হৰি ওঁম, আৰু যিয়ে গুৰুৰ সেৱা কৰে তেওঁ মোৰ আশীর্বাদ লভে। তেওঁ ৮৪ কোটি যোনিৰ পৰা মুক্তি লাভ কৰে, জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লভে, তেওঁ নৰক যাতনা ভোগ কৰিব নালাগে।”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: