21.1 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

প্ৰচুৰ পৰিমাণে খাওক ঢেকীয়া:অনেক গুণেৰে ভৰপূৰ ঢেকীয়া শাক

Assamese Newsপ্ৰচুৰ পৰিমাণে খাওক ঢেকীয়া:অনেক গুণেৰে ভৰপূৰ ঢেকীয়া শাক

:শাক আমাৰ শৰীৰৰ বাবে অতি উপকাৰী৷ আমাৰ ওচৰে-পাঁজৰে বিভিন্ন ধৰণৰ শাক দেখিবলৈ পোৱা যায় আৰু প্ৰায়ভাগ শাকেই খোৱাৰ বাবে উপযোগী৷ ইয়াৰ ভিতৰত ঢেঁকীয়া শাক অন্যতম৷ঢেঁকীয়া শাক অনেক গুণেৰে ভৰপূৰ৷গুণগত দৃষ্টিকোণৰ পৰা ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে।কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে।নিৰামিষভোজী সকলৰ বাবে ঢেঁকীয়া শাক খুব উপকাৰী৷কাৰণ ঢেঁকীয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে।গতিকে মাংস নাখাই পুষ্টিহীনতাত ভূগিছো বুলি ভুল ধাৰণা লব নালাগে।

ঢেঁকীয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক–

▶ঢেঁকীয়া শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু ভিটামিন-চি থাকে৷ভিটামিন-চিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷চকুৰ দৃষ্টিশক্তি বঢ়োৱাত ঢেঁকীয়া শাকে বিশেষ ভূমিকা লয়৷ভিটামিন ‘এ’ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী।

▶ঢেঁকীয়া শাকে দাঁতৰ ক্ষয় বা কেভিটি দূৰ কৰে৷

▶হাঁওফাঁওৰ কেঞ্চাৰ, ছালৰ কেঞ্চাৰ আদিৰ প্ৰতিৰোধত ঢেঁকীয়া শাকে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ঢেকীয়াই বক্ষৰোগ, কাঁহ-শ্বাসজনিত ৰোগ,হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰে।ঢেকীয়াই জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগ নিৰাময় কৰে।

▶ছালখন উজ্জ্বল আৰু মসৃণ কৰি ৰাখিবলৈ নিয়মিত ঢেঁকীয়া শাক খাব লাগে৷

▶ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হয়৷উশাহ লোৱাৰ কষ্ট দূৰ হয়৷

▶ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌনদূৰ্বলতা আঁতৰায়।

▶ঢেঁকীয়া শাকত পটেচিয়াম যথেষ্ট পৰিমাণে থাকে বাবে উচ্ছ বা নিম্ন ৰক্তচাপ কমায়৷ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে।

▶হাঁওফাঁওৰ কেঞ্চাৰ, ছালৰ কেঞ্চাৰ আদিৰ প্ৰতিৰোধত ঢেঁকীয়া শাকে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ৰক্তনলীৰ সংকোচন প্ৰসাৰণ ক্ষমতা বৃদ্ধি কৰে৷

▶ঢেকীয়া মহিলাৰ স্তন ৰোগৰ বাবে অতিকৈ উপকাৰী।প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱা আৰু মাতৃদুগ্ধৰ উন্নতি ঘটায়।

▶ঢেঁকীয়া শাকত থকা উপাদানে শ্বাসতন্ত্ৰক সতেজ কৰি তোলে৷এইবিধ শাকে কটা বা ক্ষতস্থানৰ ঘা শুকুওৱাত নিৰ্ণায়ক ভূমিকা লয়৷

▶ডায়েবেটিছ ৰোগীৰ কাৰণে ঢেঁকীয়া শাক অতি উত্তম৷

▶পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।ঢেকীয়াই ফিটা পেলু নাশ কৰে।

▶বিভিন্ন প্ৰকাৰৰ বিষ-বেদনা, লিভাৰৰ ইনফেশ্যন আদিত ঢেঁকীয়া শাক খাব লাগে৷লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

▶ঢেকীয়া মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সনত উপকাৰী।জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সনত উপকাৰী।

▶ঢেকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায়৷ঢেকীয়াই কোষ্ঠকাঠিন্য দুৰ কৰে।

 

উৎসঃ বিভিন্ন উৎসৰ পৰা সংগৃহীত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!