কোকৰাঝাৰত গুলীচালনাঃ গুৰুতৰভাৱে আহত ক্ষুদ্ৰ ব্যৱসায়ী

0 min read

বহুদিন বিৰতিৰ পিছত পুণৰাই গুলীৰ শব্দত ৰজনজনাই উঠিছে কোকৰাঝাৰ । কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত আজি নিশা প্ৰায় ৮:৩০ মান বজাত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ গুলীত এগৰাকী ব্যৱসায়ী গুৰুতৰভাৱে আহত হয় । আহত ব্যৱসায়ীগৰাকীক সুনীল মণ্ডল (৪০) বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত সুনীল মণ্ডলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰাপ্ত বাতৰি মতে নাৰাবাৰীত এখন গেলামালৰ দোকান দি জীৱন নিৰ্বাহ কৰা সুনীল মণ্ডল আজি নিজ দোকানৰ বেঞ্চত বহি থকাৰ সময়তে এখন মটৰচাইকেলত অহা দুজন অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে সুনীল মণ্ডলক উদ্দেশি গুলীচালনা কৰে । দুৰ্ষ্কৃতিকাৰীৰ গুলীচালনাত সুনীল মণ্ডলৰ বুকুত গুলী লাগে আৰু ঢলি পৰে । দুৰ্ষ্কৃতিকাৰীয়ে সুনীল মণ্ডলক গুলীচালনা কৰি নিৰ্বিঘ্নে আতৰি যায় গুলীচালনাৰ খবৰ বিয়পি পৰাৰ পিছতেই মুহুৰ্ততে অঞ্চলটোত হুৱাদুৱা লাগে আৰু এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষীয়ে সুনীল মণ্ডলক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰাইছে ।

ইতিমধ্যে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে । ঘটনাৰ আৰত কেএলঅ’ জড়িত আছে বুলি সন্দেহ কৰা হৈছে আৰু কিছুদিন পূৰ্বে ফোনযোগে দুইলাখ টকা ধনদাবী কৰিছিল বুলি জানিব পৰা গৈছে ।

You May Also Like

More From Author