মহাৰাষ্ট্রত ক’ভিডৰ সংক্রমণ বৃদ্ধিঃ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক

1 min read

মহাৰাষ্ট্রত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাই তিনি মাহৰ মূৰকত এহেজাৰ অতিক্রম কৰাৰ পাছতে মহাৰাষ্ট্র চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে৷ বাছ, ৰে’ল আৰু আন স্থানত সকলো লোকে মাস্ক পৰিধান কৰিব লাগিব৷ চৰকাৰী নির্দেশনাত প্রকাশ কৰা মতে, কোনো লোকৰ শ্বাস–প্রশ্বাসজনিত সমস্যা আৰু জ্বৰত ভুগিলে তেনে লোকে ক’ভিড–১৯ পৰীক্ষা কৰিব লাগিব৷ বয়োজ্যেষ্ঠ ব্যক্তি আৰু বহু ৰোগত আক্রান্ত লোকে ধাৰাবাহিকভাৱে এছ এম এছৰ জৰিয়তে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ ৰক্ষা কৰিব লাগিব৷ তদুপৰি সামাজিক দূৰত্ব, মাস্ক পৰিধান আৰু ছেনিটাইজেচন কৰি থাকিব লাগিব৷ তাৎপর্যপূর্ণ যে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই শীর্ষ বিষয়াৰ সৈতে ক’ভিড–১৯ৰ পৰিস্থিতিক লৈ আলোচনাৰ অন্তত এই নতুন নির্দেশনা জাৰি কৰা হৈছে৷

 

You May Also Like

More From Author