নগৰবেৰাত বানৰ তাণ্ডৱ, বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ

1 min read

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ একাধিক গাওঁ বানপানীৰ কবলত। শেহতীয়াকৈ বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ-ৰাজপথ। ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ যাতায়তত বিপৰ্যয় নমাৰ সমন্তৰালকৈ চৰণীয়া পথাৰ প্লাৱিত হোৱাত পোহনীয়া জীৱকুলৰো ভীষণ খাদ্য সংকট হৈছে। নগৰবেৰাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা-মালিবাৰী গড়কাপ্তানি পকী পথ পানীৰ তলত যাৰ বাবে স্থলপথেৰে যাতায়ত বিশ্চিন্ন হৈ পৰিছে। অঞ্চলটোৰ জামলাই, মালিবাৰী, মন্দিৰা এন চি, নিচলামাৰী, ডেকাচাং আদি কৰি একাধিক গাঁৱত ভাদমহীয়া বানপানীয়ে চলাইছে তাণ্ডৱ। আনহাতে নাঁৱেৰে আহযাহ কৰি ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে বহুলোক, বিস্তৃৰ্ন কৃষিভুমিও বানৰ কবলত, হাহাকাৰ লাগিছে সংশ্লিষ্ট অঞ্চলবোৰত। এইমুহুৰ্তলৈ বৰ্নাত্যৰ কোনেও খা-খৱৰ নকৰা বাবেহে বিমৰ্ষ হৈ পৰিছে বানাক্ৰান্ত ৰাইজ। উপায়বিহীন হৈ বন্যাৰ্ত সকলে প্ৰশাসনলৈ উদ্ধাৰ আৰু মানুহ-পশু উভয়কে খাদ্য সামগ্ৰী যোগান ধৰাৰ দাবী জনাইছে।

You May Also Like

More From Author