কিডনীৰ বাবে ৭ বিধ খাদ্য!

1 min read

এই কিডনীৰ ৰোগ হোৱাৰ ফলত প্রস্রাৱৰ বিভিন্ন সমস্যা, চকুৰ চাৰিওফালে ফুলি উঠা, হাত–ভৰি ফুলি উঠা আদি সমস্যাই দেখা দিব পাৰে৷ যিসকল ব্যক্তিৰ কিডনীৰ সমস্যা থাকে, তেনে ব্যক্তিসকলৰ হার্ট এটেক হোৱাৰো সম্ভাৱনা থাকে৷ আমি যদি সঠিক সময়ত সঠিক মাত্রাত উপযুক্ত খাদ্য গ্রহণ কৰোঁ, তেতিয়া আমাৰ অংগবোৰৰ সঠিক মাত্রাত কার্য সম্পাদন কৰিবলৈ সহায়ক হয়৷ যিবোৰ খাদ্যত এণ্টিক্সিডেণ্ট যেনে– ফ্লাভনয়েড আৰু লাইকোপেন, বিটা কেৰটিনৰ লগতে ভিটামিন চি থাকে, এনেবোৰ খাদ্যই আমাৰ কিডনী ভালে ৰখাত সহায় কৰে৷ কিডনী সমস্যাৰ প্রধান কাৰণ হৈছে আমাৰ শৰীৰত জমা হোৱা দূষিত আৱর্জনা৷ এণ্টিক্সিডেণ্টে এই দূষিত আৱর্জনাবোৰ বাহিৰ কৰাত সহায় কৰে৷

আহক, আমি জানো আমাৰ কিডনীকেইটা সুস্থ ৰাখিবৰ বাবে কি কি খাদ্য খাব লাগে–

বন্ধা কবি: কিডনীৰ কার্যক্ষমতা আৰু পুষ্টিৰ বাবে প্রাকৃতিক ঔষধ হিচাপে বন্ধাকবি ব্যৱহাৰ কৰিব পাৰি৷ বন্ধাকবিয়ে কিডনীৰ কার্যক্ষমতা বঢ়ায়৷ যদিহে আপুনি কিডনীৰ সমস্যাত ভুগিছে, তেতিয়াহ’লে আপোনাৰ খাদ্যৰ তালিকাত বন্ধাকবি অপৰিহার্য৷ আপোনাৰ শৰীৰত জমা হোৱা ফ্রী ৰেডিকেলে কোনো ক্ষতি কৰাৰ আগেয়ে ফাইটোকেমিকেলযুক্ত বন্ধাকবিয়ে ফ্র ৰেডিকেল নাশ কৰাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ইয়াত ফাইবাৰ আৰু ফলিক এচিডৰ লগতে ভিটামিনB6 আৰু ভিটামিনC থাকে৷ বন্ধাকবি ডায়েটৰ বাবেও বৰ উপযোগী৷ কাৰণ বন্ধাকবিত পটাচিয়ামৰ পৰিমাণ কম থাকে৷

জাম জাতীয় ফল: মেগনেছিয়াম, ভিটামিন চি, ফাইবাৰ আৰু ফলিক এচিড বহুত বেছি মাত্রাত জাম জাতীয় ফলত পোৱা যায়৷ যেনে– জাম, ষ্ট্রবেৰী আদি কিডনীৰ বাবে বৰ উপকাৰী৷ এইবোৰত এণ্টিক্সিডেণ্টৰ সমপৰিমাণে এণ্টিইনফ্লামেটৰী উপাদানো থাকে৷ যি প্রদাহ কমাবৰ বাবে আৰু মূত্রাশয়ৰ কাম সুচাৰুৰূপে পৰিচালিত কৰিবলৈ অৰিহণা যোগায়৷

কণীৰ বগা অংশ: কিডনীৰ সমস্যা থকা ব্যক্তিসকলক কণীৰ বগা অংশ খাবলৈ পৰামর্শ দিয়া হয়৷ কাৰণ ইয়াত ফছফৰাছৰ পৰিমাণ কমকৈ থাকে আৰু প্র’টিনৰ পৰিমাণ বেছিকৈ পোৱা যায়৷ উচ্চমাত্রাৰ প্র’টিনৰ লগতে প্রয়োজনীয় এমাইনো এচিড থাকে৷ সেয়েহে ই কিডনীৰ কার্যক্ষমতা বৃদ্ধি কৰে৷ ইয়াৰ উচ্চমাত্রাৰ প্র’টিনৰ বিপাকৰ পাছত কম বর্জ্য বা আৱর্জনা উৎপন্ন হয়৷ আনহাতে কিডনীৰ সমস্যা থকা লোকসকলক কণীৰ হালধীয়া অংশ খাবলৈ দিয়া নহয়৷ কাৰণ অতিৰিক্ত আমিষ কিডনীৰ বাবে বোজাৰ দৰে হয়৷

গাজৰ: হাইপাৰটেনচন কিডনী ৰোগৰ অন্য এটি কাৰণ৷ গাজৰ এনে এবিধ খাদ্য, যিয়ে হাইপাৰটেনচন কমোৱাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ডায়েবেটিছ নিয়ন্ত্রণৰ ক্ষেত্রতো সহায়ক৷ যিহেতু ডায়েবেটিছ কিডনী ৰোগৰ অন্য এটা কাৰণ৷ কেঁচা গাজৰত উচ্চ মাত্রাত পটাছিয়াম থাকে, সেয়েহে কিডনীৰ ৰোগীসকলে পর্যাপ্ত পৰিমাণে গাজৰ খাব লাগে৷

অলিভ অইল: হূদপিণ্ডৰ বাবে অলিভ অইল যিমানেই উপযোগী, ঠিক কিডনীৰ সুৰক্ষাৰ বাবেও সিমানেই উপযোগী৷ এই তেলবিধ এণ্টিক্সিডেণ্ট আৰু এণ্টি ইনফ্লামেটৰী ফেটি এচিডৰ উৎকৃষ্ট উৎস৷ সেয়েহে এই তেলে অক্সিডেচন কমাই কিডনী ভালে ৰখাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ইয়াত পলিফেনল আৰু এণ্টিক্সিডেণ্ট উপাদান থাকে, যিয়ে প্রদাহ আৰু জাৰণ প্রতিৰোধ কৰে৷ অলিভ অইলত উচ্চ মাত্রাত এণ্টিক্সিডেণ্ট পোৱা যায়৷

নহৰু: এণ্টিক্সিডেণ্ট আৰু এণ্টিক্লটিং উপাদানেৰে পৰিপূর্ণ নহৰুৰ ব্যৱহাৰে কিডনী সমস্যাৰ লগতে হার্টৰ সমস্যাৰ সম্ভাৱনা কম কৰে৷ প্রতিদিনে পুৱা খালী পেটত নহৰু এক ফুটা বা দুই ফুটা খোৱাৰ অভ্যাস কৰিলে অপ্রয়োজনীয় কলেষ্টেৰল কমোৱাৰ লগতে প্রদাহ কমোৱাত সহায় কৰে৷ যিসকলৰ ধাতুজনিত ৰোগৰ প্রভাৱ বেছি সেইসকলৰ বাবেও উপযোগী৷

মাছ: কিছুমান সাগৰীয় মাছত অ’মেগা–৩ ফেটি এচিড থাকে৷ যিয়ে কিডনীৰ প্রদাহ কমাই বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে৷ ইয়াৰ বাহিৰেও মাছত বিভিন্ন প্রকাৰৰ ভিটামিন পোৱা যায়৷ ২০০৮ বর্ষৰ আমেৰিকান জার্নেল অৱ কিডনী ডিজিজত প্রকাশিত প্রতিবেদন অনুযায়ী ডায়েবেটিছ ৰোগীসকলে মাছ খালে প্রস্রাৱত অস্বাভাৱিকভাৱে প্র’টিনৰ মাত্রা কমে৷ যদিহে আপুনি আপোনাৰ কিডনী ভালে ৰাখিব বিচাৰে, তেন্তে এই খাদ্যবোৰ দৈনন্দিন খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ নাপাহৰিব৷ লগতে বজাৰত ফল কিনাৰ সময়ত সতেজ ফলহে কিনিব৷

You May Also Like

More From Author