ক’ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ক’ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

 প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক’ভিডত আক্ৰান্ত হৈছে। মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল । তাৰ পাছত তেওঁৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ । ইয়াৰ পূৰ্বেও ২০২০ চনৰ ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কৰ’ণাত আক্ৰান্ত হৈছিল ।

উল্লেখ যে বিগত কেইদিন ধৰি ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ হ্ৰাস পাব ধৰিছে। আজিৰ দিনটোত অসমত ১৯৫১ জন লোকৰ ক’ভিড পজিটিভ হৈছে । ইয়াৰে ৪২২ জন কামৰূপ মহানগৰ জিলাৰ, ১৩৯ জন যোৰহাটৰ, ৯১জন লখিমপুৰৰ আৰু ৮৭ জন ডিব্ৰুগড়ৰ । লক্ষণীয়ভাৱে ৰাজ্যত বুধবাৰে কৰ’ণাত আক্ৰান্ত ২১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ । বৰ্তমান সময়ত ৰাজ্যত পজিটিভিটীৰ হাৰ ৯.৮৫ শতাংশ । ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৭৩৬৫ জন লোক ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.