IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

পুনৰ আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ পিছত বৰ্তমান এক চাঞ্চল্য পৰিবেশে বিৰাজ কৰিছে শিক্ষা প্ৰতিষ্ঠানখনত৷ মৃত ছাত্ৰজন ওড়িশাৰ প্ৰশান্ত প্ৰশান্ত কুমাৰ আৰুখা বুলি জানিব পৰা গৈছে ৷ 25 বছৰীয়া ছাত্ৰজনক IIT গুৱাহাটীৰ কপিলি হোষ্টেলত ২৫ জানুৱাৰীৰ সন্ধিয়া, বিচনাত মুৰ্মূষু অৱস্থাত উদ্ধাৰ হয় ।

শৈক্ষিক প্ৰতিষ্ঠানখনৰ অন্য ছাত্ৰই জানিবলৈ দিয়া মতে, মৃত ছাত্ৰজনে দুদিন ধৰি হোষ্টেলৰ দুৱাৰ নোখোলাত আই আই টিৰ সুৰক্ষা কৰ্মীক বিষয়টো অৱগত কৰে । ইয়াৰ পিছতে সুৰক্ষা কৰ্মীয়ে হোষ্টেলৰ দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰি মুৰ্মূষু অৱস্থাত ছাত্ৰজনক প্ৰত্যক্ষ । ইয়াৰ পিছতে আই আই টি কৰ্তৃপক্ষই ততাতৈয়াকৈ ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে প্ৰশান্তক মৃত বুলি ঘোষণা কৰে । এই খবৰে মৰ্মাহত কৰি তোলে শিক্ষাৰ্থী তথা আই আই টি কৰ্তৃপক্ষক ।

উল্লেখ্য যে মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষক ছাত্ৰ আছিল প্ৰশান্ত কুমাৰ আৰুখা৷ আমিনগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথে জনোৱা মতে, আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ পিতৃ–মাতৃয়ে পোনে পোনে ওড়িশালৈ লৈ নি সৎকাৰ কৰিব। উল্লেখযোগ্য যে আই আই টি গুৱাহাটীত এতিয়ালৈকে কেইবাজনো শিক্ষাৰ্থীৰ কোঠাত ৰহস্যজনক মৃত্যু হৈছে যদিও কোনো এটা ঘটনাৰে ৰহস্য উদঘাটন নহ’ল।

উল্লেখ্য, ২০ ডিচেম্বৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত আত্মহত্যা কৰি মৃত্যু হোৱা শিক্ষাৰ্থীসকলৰ তথ্য উপস্থাপন কৰে । আৰু এই তথ্য অনুসৰি, ভাৰতত ২০১৪ ৰ পৰা ২০২১ চনৰ ভিতৰত IIT, IIM, IISC, IISER, IIIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, NIT আৰু CFTI আদি শিক্ষা প্ৰতিষ্ঠান সমূহত মুঠ ১২২ জন শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷

ইয়াৰ পূৰ্বে 2021 চনৰ ডিচেম্বৰ মাহত তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তম ষান্মাসিকৰ এগৰাকী ছাত্ৰীয়ে হোষ্টেলৰ কোঠাতে আত্মহত্যা কৰে । ইয়াৰ পিছতে হোষ্টেল কৰ্তৃপক্ষই অদিতি স্বৰ নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ কৰে । জানিব পৰা মতে ,মেধাৱী ছাত্ৰীগৰাকী ৰসায়ন বিজ্ঞানত ইণ্টিগ্ৰেটেড M.Sc বিভাগত অধ্যয়নৰত আছিল ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.