ঠিকনা সুধি প্ৰথমে যুৱকক অপহৰণ, তাৰপাছত দলবদ্ধ ধৰ্ষণ ৪ যুৱতীৰ

ঠিকনা সুধি প্ৰথমে যুৱকক অপহৰণ, তাৰপাছত দলবদ্ধ ধৰ্ষণ ৪ যুৱতীৰ

পঞ্জাৱৰ জলন্ধৰত চাৰিগৰাকী যুৱতীৰ ধৰ্ষণৰ বলি হ’ল এজন যুৱক। এই ঘটনা জলন্ধৰৰ লেদাৰ কমপ্লেক্স ৰোডৰ।
তথ্য অনুসৰি এটা কাৰখানাত কৰ্মৰত যুৱকজনে দুপৰীয়া কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ সময়তে পথত এখন বাহনে তেওঁক আগুৰি ধৰে। গাড়ীত উঠি অহা চাৰিগৰাকী যুৱতীয়ে তেওঁক ঠিকনা সুধিবলৈ ধৰে। কিন্তু ঠিকনা কোৱাৰ সময়তে যুৱতীকেইগৰাকীয়ে তেওঁক অচেতন কৰি অপহৰণ কৰি লৈ যায়।

ইয়াৰ পিছতে এগৰাকী এগৰাকী চাৰিওগৰাকী যুৱতীয়ে গাড়ীৰ ভিতৰতেই তেওঁৰ সৈতে বলপূৰ্বক ধৰ্ষণ কৰে। যুৱকজনে জনোৱা মতে, চাৰিগৰাকী যুৱতীৰ বয়স ২২ৰ পৰা ২৩ বছৰৰ ভিতৰত। এই ঘটনাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। লগতে সকলোৱে একেমুখে এই ঘটনাক নিন্দা কৰি এতিয়া পুৰুষো নিৰাপদ নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে।

GTM Desk

Related