Fraudster Arrested In Nagaon.

Fraudster Arrested In Nagaon.

ডুবাইৰ কোম্পানীত চাকৰি দিয়াৰ প্ৰলোভনেৰে নগাঁৱত চাকৰিৰ ৰমৰমীয়া বেহা ৷
হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰবঞ্চক ছেলিম হুছেইন ওৰফে ইমৰানক ৷
হোজাই মোৰাঝাৰৰ পদুমনি গাঁৱৰ বাসিন্দা ধৃত ছেলিমে ডুবাইত লোভনীয় চাকৰি দিয়াৰ প্ৰলোভনেৰে মধ্য অসমত গঢ়ি তুলিছিল চাকৰিৰ বজাৰ ৷
নগাঁও জুৰিয়াৰ বিল্লাল উদ্দিনৰ পৰা ৩.৫০ লাখ আৰু নবি হুছেইন নাম যুৱকজনৰ পৰা ১.৫০ লাখ টকা ডুবাইত কোম্পানীৰ চাকৰি দিয়াৰ নামত উৎকোচ লৈছিল ছেলিমে ৷জুৰীয়াৰ বিল্লাল উদ্দিন আৰু নবিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চক ছেলিম বৰ্তমান ৰঙা ঘৰৰ আলহী৷ ধৃত ছেলিমে কোম্পানীত লোভনীয় চাকৰি দিয়াৰ প্ৰলোভনেৰে ধনৰ বিনিময়ত ডুবাইলৈ নি হোটেলৰ বয় হিচাপে পুজিপতিৰ ওচৰত নিবনুৱা যুৱকক বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷

আনকি বহু যুৱতীক ডুবাইত চাকৰি দিয়াৰ প্ৰলোভনেৰে বহিঃ ৰাষ্ট্ৰত বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগৰ লগতে ভুৱা পাচপ’ৰ্ট আৰু ভিছা ব্যৱহাৰৰ অভিযোগো উত্থাপন হৈছে ৷ধৃত ছেলিম উদ্দিনৰ ওপৰত নগাঁও আৰক্ষীৰ অধিক তদন্তত ন-ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.