Fraudster Arrested In Nagaon.

1 min read

ডুবাইৰ কোম্পানীত চাকৰি দিয়াৰ প্ৰলোভনেৰে নগাঁৱত চাকৰিৰ ৰমৰমীয়া বেহা ৷
হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰবঞ্চক ছেলিম হুছেইন ওৰফে ইমৰানক ৷
হোজাই মোৰাঝাৰৰ পদুমনি গাঁৱৰ বাসিন্দা ধৃত ছেলিমে ডুবাইত লোভনীয় চাকৰি দিয়াৰ প্ৰলোভনেৰে মধ্য অসমত গঢ়ি তুলিছিল চাকৰিৰ বজাৰ ৷
নগাঁও জুৰিয়াৰ বিল্লাল উদ্দিনৰ পৰা ৩.৫০ লাখ আৰু নবি হুছেইন নাম যুৱকজনৰ পৰা ১.৫০ লাখ টকা ডুবাইত কোম্পানীৰ চাকৰি দিয়াৰ নামত উৎকোচ লৈছিল ছেলিমে ৷জুৰীয়াৰ বিল্লাল উদ্দিন আৰু নবিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চক ছেলিম বৰ্তমান ৰঙা ঘৰৰ আলহী৷ ধৃত ছেলিমে কোম্পানীত লোভনীয় চাকৰি দিয়াৰ প্ৰলোভনেৰে ধনৰ বিনিময়ত ডুবাইলৈ নি হোটেলৰ বয় হিচাপে পুজিপতিৰ ওচৰত নিবনুৱা যুৱকক বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷

আনকি বহু যুৱতীক ডুবাইত চাকৰি দিয়াৰ প্ৰলোভনেৰে বহিঃ ৰাষ্ট্ৰত বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগৰ লগতে ভুৱা পাচপ’ৰ্ট আৰু ভিছা ব্যৱহাৰৰ অভিযোগো উত্থাপন হৈছে ৷ধৃত ছেলিম উদ্দিনৰ ওপৰত নগাঁও আৰক্ষীৰ অধিক তদন্তত ন-ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author