28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

গণপতি উপাসনা কৰি লাভ কৰিব পৰা ৮ টা উপকাৰ জানি লওক

Assamese Newsগণপতি উপাসনা কৰি লাভ কৰিব পৰা ৮ টা উপকাৰ জানি লওক

হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম ভগৱান শ্ৰী গণেশ। ভাৰতৰ সকলো ঠাইতে সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম তথা ভাৰতৰ বাহিৰতো ব্যাপকভাৱে গণেশৰ আৰাধনা কৰা হয়।পুৰাণত উল্লেখিত বিৱৰণ অনুসৰি, ভগৱান শিৱ আৰু পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ গণেশ। ভগৱান গণেশক বিঘ্নহৰ্তা বুলি জনা যায়, যিজনে সকলোৰে সকলো বাধা আঁতৰাব পাৰে।তেওঁ হৈছে সফলতা আৰু সুখ-সমৃদ্ধিৰ প্ৰতীক।গণেশৰ বাহন নিগনি আৰু তেওঁৰ প্ৰিয় খাদ্য লাডু। যিকোনো শুভ অনুষ্ঠানৰ সময়ত গণেশক প্ৰথমে পূজা কৰা হয়। ভগৱান গণেশৰ আশীৰ্বাদ আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়।আপুনিও গণেশক উপাসনা কৰি অদ্ভুট ধৰণেৰে লাভৱান হ’ব পাৰে।গণেশ পূজা কৰি আপুনি লাভ কৰিব-

সমৃদ্ধি

সকলোৱে এক সুস্থিৰ আৰু সমৃদ্ধ জীৱন কামনা কৰে।যেতিয়া আপুনি ভগৱান গণেশক প্ৰাৰ্থনা কৰিব আপুনি নিশ্চিত হ’ব যে আপুনি সফলতাৰ দিশত আগবাঢ়িছে।সকলো বিপদ নিজে নিজে আপোনাৰ পথৰ পৰা আতৰি গৈছে।

সৌভাগ্য

ভগৱান গণেশৰ ভক্তসকল সৌভাগ্য আৰু সম্পদৰ অধিকাৰী হয়।যদি আপুনি ভগৱান গণেশক সমৰ্পিতভাৱে উপাসনা কৰে, তেন্তে আপুনি নিশ্চিতভাৱে ভাগ্য অৰ্জন কৰিব।কেতিয়াও কোনো ঠাইৰ পৰা খালী হাতেৰে ঘূৰি আহিব নালাগে।জীৱনত সম্পদ আৰু শক্তিৰ প্ৰাচুৰ্যৰ দিশত পথ তৈয়াৰ কৰাটো আপোনাৰ বাবে সহজ হৈ পৰিব।

Lord Ganesha: গণপতি উপাসনা কৰি লাভ কৰিব পৰা ৮ টা উপকাৰ জানি লওক
মহাশিৱৰাত্ৰি কেতিয়া? তাৰিখ, পূজাৰ সময় জানি লৈ আপুনিও সাজু হওঁক
জ্ঞান

ভগৱান গণেশৰ হাতীৰ মুৰটোৱে জ্ঞানৰ অৰ্থ বহন কৰে।যদি আপুনি ভগৱান গণেশৰ উপাসনা কৰে, তেন্তে আপোনাৰ প্ৰচুৰ জ্ঞান লাভ কৰাৰ সম্ভাৱনা আছে।

সকলো বাধা নাশ

ভগৱান গণেশক বিঘ্নহৰ্তা বুলি জনা যায়। সেয়েহে, যেতিয়া আপুনি সম্পূৰ্ণ বিশ্বাসেৰে ভগৱান গণেশৰ উপাসনা কৰে, তেতিয়া তেওঁ আপোনাক সঠিক পথৰ দিশে পথ প্ৰদৰ্শন কৰে। তেওঁ আপোনাক আপোনাৰ ভয়ক জয় কৰিবলৈ আৰু আপোনাৰ জীৱনৰ সকলো বাধা অতিক্ৰম কৰিবলৈ সাহস দিয়ে।

আপুনি ধৈৰ্য্যশীল হ’ব

ভগৱান গণেশৰ ডাঙৰ কাণ, যি এজন ধৈৰ্য্যশীল শ্ৰোতাৰ প্ৰতীক।যদি আপুনি তেওঁক প্ৰাৰ্থনা কৰে আৰু আপোনাৰ আভ্যন্তৰীণ শক্তিত গুৰুত্ব দিয়ে, আপুনি ভগৱান গণেশৰ একে স্তৰৰ ধৈৰ্য্য লাভ কৰিব।

আপোনাৰ আত্মা শুদ্ধ হ’ব

বিশ্বাস কৰা হয় যে গণেশক উপাসনা কৰা ব্যক্তিসকল আত্মা পৰিস্কাৰ হয়। আপুনি লাহে লাহে আপোনাৰ জীৱনৰ পৰা নেতিবাচকতা আঁতৰাবলৈ আৰম্ভ কৰিব।যিয়ে আপোনাৰ আত্মাক অধিক বিশুদ্ধ কৰিব।

আপোনাৰ জীৱন শান্তিপূৰ্ণ হ’ব

যেতিয়া আপুনি ভগৱান গণেশৰ উপাসনা কৰে, তেতিয়া আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ প্ৰতি দায়িত্ববোধ আহি পৰে।যাৰ ফলত ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰত আপোনাৰ জীৱন শান্তিপূৰ্ণ হৈ পৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!