25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ধাৰে পিছ নেৰা হৈছে নেকি?

Assamese Newsধাৰে পিছ নেৰা হৈছে নেকি?

কেতিয়াবা-কেতিয়াবা কোনো পাৰিবাৰিক সমস্যা বা আন কোনো কাৰণত মানুহে ধাৰ ল’বলগীয়া হৈ যায়। কিন্তু ধাৰ লোৱাটো যিমানে সহজ হয়, ইয়াক পৰিশোধ কৰাটো সিমানেই কঠিন হয়। কেতিয়াবা মানুহে ঋণৰ বোজা সহিব নোৱাৰি নিজৰ জীৱনে ত্যাগ কৰে। কিন্তু ধাৰৰ পৰা পৰিত্ৰাণ নোপোৱাৰ আন কোনো কাৰণ থাকিব পাৰে, যাৰ ভিতৰত এটা হ’ল বাস্তু দোষ। বাস্তু শাস্ত্ৰ এক অতি প্ৰাচীন বিজ্ঞান, য’ত ঘৰ, চাকৰি, ব্যৱসায়সহ অন্যান্যৰ বিষয়ে বহুতো উপায় কোৱা হৈছে।

হয়তো আপুনি মনোযোগ নিদিব পাৰে, কিন্তু ঘৰৰ কিছুমান বস্তুয়েও আপোনাৰ প্ৰগতিত বাধা হৈ পৰে আৰু বিত্তীয় পৰিস্থিতিও অধিক বেয়াৰ ফালে গতি কৰে। এই অপ্ৰয়োজনীয় বস্তুবোৰে দৰিদ্ৰতা লৈ আহে। সেয়েহে, আপুনি কেতিয়াও ঘৰত পুৰণি ফটা কাপোৰ, জোতা-চেণ্ডেল ৰাখিব নালাগে। আহক আপোনালোকক সেই বস্তুবোৰৰ বিষয়ে কম, যিবোৰ ঘৰত কোনো কাম নোহোৱাকৈ আপোনাৰ উন্নতিত বাধা দিয়ে।

আহক জানো কি কি বস্তু ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে-

১. বেয়া ইলেক্ট্ৰনিক সামগ্ৰী (Electrical Appliances)-

কেতিয়াবা আমি ইলেক্ট্ৰনিক সামগ্ৰী ঘৰলৈ লৈ আহো। কিছু সময়ৰ পিছত সেইবোৰ অপ্ৰয়োজনীয় হৈ পৰে আৰু আমি সেইবোৰ কৰবাত ৰাখি পাহৰি যাও। যদি আপোনাৰ ঘৰত এনে কোনো অপ্ৰয়োজনীয় ইলেক্ট্ৰনিক সামগ্ৰী আছে, তেন্তে লগে লগে ইয়াক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। ই ঘৰলৈ নেতিবাচক শক্তি লৈ আহে।

২. ভঙা ঝাড়ু (Broom)-

ঝাড়ুক লক্ষ্মীৰ ৰূপ বুলিও কোৱা হয়। ইয়াৰ কাৰণ হৈছে ইয়াৰ দ্বাৰা লেতেৰা আঁতৰ কৰা হয় আৰু ঘৰটো পৰিষ্কাৰ কৰা হয়। য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকে তাত লক্ষ্মী আহে। কিন্তু যদি ঝাড়ু ভাঙি গৈছে বা দুভাগ হৈছে তেন্তে তাক বাহিৰ কৰি দিয়ক। ভঙা ঝাড়ু ৰাখি থ’লে মা লক্ষ্মী ঘৰলৈ নাহে।

৩. ভঙা ফটো (Photos)-

কিছুমান মানুহে ঘৰত ফটো লগাবলৈ ভাল পায়। কিন্তু কেতিয়াবা সেইবোৰ কোনো কাৰণবশত ভাঙি যায় আৰু আমি সেইবোৰ সলনি কৰিব পাহৰি যাও। যদি আপোনাৰ ঘৰতো কোনো ভঙা-চিঙা ফটো আছে, তেন্তে ইয়াক পেলাই দিয়াই ভাল।

৪. ভঙা বাচন (Utensils)-

বাচন-বৰ্তন পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ। এইবোৰতে আমি খাদ্য গ্ৰহণ কৰো। কিন্তু বহুসময়ত এই বাচন শিশুৰ দ্বাৰাই হওক বা আমাৰ দ্বাৰাই হওক ভুলতে ভাঙি যায়। এনে ভঙা কাপ, প্লেট আৰু অন্যান্য বাচনবোৰ তৎক্ষণাৎ ঘৰৰ পৰা আঁতৰাই পেলাই দিয়ক। এইবোৰ ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে অশুভ হয়।

৫. ভঙা আইনা (Mirror)-

ভঙা আইনাই দৰিদ্ৰতা লৈ আহে। সেয়েহে, যদি আপোনাৰ ঘৰত কোনো কাঁচৰ সামগ্ৰী বা আইনা ভাঙিছে, তেন্তে ইয়াক লগে লগে আঁতৰাওক নহ’লে দৰিদ্ৰতাই আপোনাক পিছ এৰা নিদিব।

৬. লকাৰ বা পাৰ্চ (Purse Handbag)

যদি পাৰ্চ ফাটি গৈছে, তেন্তে লগে লগে নতুন এটা কিনি লওক। ফটা পাৰ্চত টকা ৰখাটো ভাল বুলি গণ্য কৰা নহয়। একে সময়তে, যদি লকাৰ ভাঙি গৈছে, তেন্তে সেইটোও নতুন লৈ আহত। এয়া কৰিলে লক্ষ্মী আপোনাৰ ঘৰৰ পৰা কেতিয়াও নাযাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!