অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস
বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা বিশ্বৰ সবাটোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ ‘এম ভি গংগা বিলাসে’ (World’s longest river cruise Ganga Vilas) বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি আজি বিয়লি ধুবুৰী পায়হি ৷ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটৰ সমীপৰ পৰা জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি প্ৰতিমা নামৰ আন এখন সৰু জাহাজেৰে জাহাজঘাটলৈ অনা হয় ৷
এই পৰ্যটকসকলক ধুবুৰীত পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে লোকসকলে আদৰণি জনায় ৷ ইয়াৰ পাচত Immigration Counterত বিদেশী পৰ্যটকসকলৰ যাৱতীয় নথি পৰীক্ষা কৰা হয় ৷ জাহাজঘাটতে স্থাপন কৰা অস্থায়ী মণ্ডপত তেওঁলোকে কোচ ৰাজবংশী লোকনৃত্য, গোৱালপৰীয়া লোকগীত আদি উপভোগ কৰে ৷
পৰ্যটকসকলে বিভিন্ন আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰাচীন মুদ্ৰাৰ প্ৰদৰ্শনী চাই আপ্লুত হয় ৷ পৰ্যটকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা পিঠা-পনাৰে আপ্যায়ন কৰোৱা হয় ৷ ইয়াৰ পিচতে পৰ্যটকৰ দলটো পুনৰ এম ভি প্ৰতিমাত উঠি এম ভি গংগা বিলাসলৈ (Longest luxury river cruise) ৰাওনা হয় ৷ তাতে তেওঁলোকে নিশাটো কটাব ৷
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যোৱা ১৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰা জাহাজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ’বগৈ ৷ ইপিনে আই ডব্লিউ টি আইৰ সঞ্চালক এ ছিলভা কুমাৰে ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটো ১ মাৰ্চত ডিব্ৰুগড়ৰ পৰা উভতি যোৱাৰ পিচত বিদেশী পৰ্যটকৰ আন এটি দলে ভাৰত আৰু অসমত প্ৰৱেশ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ অহা তিনি বছৰলৈকে বহু পৰ্যটকে আগতীয়াকৈ গংগা বিলাস বুকিং কৰাৰো কথা জানিবলৈ দিয়ে ৷ ই ভাৰত তথা অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ বাবে এক শুভ লক্ষণ বুলিও তেওঁ উল্লেখ কৰে ৷
