22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

তেজপুৰত প্ৰৱেশ এম ভি গংগা বিলাসৰ!

Assamese Newsতেজপুৰত প্ৰৱেশ এম ভি গংগা বিলাসৰ!

আজি পৰ্যটকসকলে ভ্ৰমণ কৰিব ঐতিহ্যমণ্ডিত চিত্ৰলেখা উদ্যান আৰু দ’ পৰ্বতীয়া পুৰাতাত্ত্বিক স্থান

বিগত ১৭ ফেব্ৰুৱাৰীত অসমত প্ৰৱেশ কৰা বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী প্ৰমোদতৰী এম ভি গংগা বিলাস ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ষষ্ঠ দিনৰ বাবে যাত্ৰাৰে কালি সন্ধিয়া ৫ বাজি ৪০ মিনিটত তেজপুৰত প্ৰৱেশ কৰে। উল্লেখ্য যে, ভাৰতৰ পৰা বাংলাদেশ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ পাছত বিলাসী প্ৰমোদতৰীখনে অসমত ইতিমধ্যে ৪২০ কিলোমিটাৰ যাত্ৰা কৰিছে। যোৱা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাহাজখনৰ ফ্লেগ্ অফ্ কৰাৰ পাছত বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰি আজি তেজপুৰ পোৱালৈকে এম ভি গংগা বিলাসে মুঠ ২৮৮০ কিলোমিটাৰ জলপথৰ দূৰত্ব অতিক্ৰম কৰিছে।

জাহাজখনৰ ২৮ জন বিদেশী পৰ্যটকে কালি সন্ধিয়া তেজপুৰত উপস্থিত হোৱাৰ পূৰ্বে ধুবুৰী, গোৱালপাৰা, শুৱালকুছি, পাণ্ডুত অৱতৰণ কৰি বহু উল্লেখযোগ্য স্থান দৰ্শন কৰাৰ লগতে অসমৰ চহকী ঐতিহ্য-পৰম্পৰা, প্ৰাকৃতিক সৌন্দৰ্য, লোককৃষ্টি আৰু আতিথ্যত আপ্লুত হৈ পৰিছে।

মন কৰিবলগীয়া যে, পৰ্যটকসকলে আজি পুৱা চিত্ৰলেখা উদ্যান (যাক ক’ল পাৰ্ক বুলিও জনা যায়) আৰু দ’ পৰ্বতীয়া পুৰাতাত্ত্বিক স্থান দৰ্শন কৰিব। ইয়াৰ পাছত জাহাজখনে শিলঘাটলৈ যাত্ৰা কৰিব য’ত পৰ্যটকসকলে মৰাপাট সমবায় কাৰখানা দৰ্শন কৰাৰ কথা আছে। পৰ্যটকসকলে তাৰপাছত এদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব। এম ভি গংগা বিলাসে বিশ্বনাথ ঘাট, কেৰকেৰীঘাট, মাজুলী আৰু নিমাতীঘাটত প্ৰৱেশ কৰাৰ পাছত ডিব্ৰুগড়ৰ বগীবিললৈ আগন্তুক যাত্ৰা অব্যাহত ৰাখিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!