সেইদিনা জালুকবাৰীৰ পৰা বশিষ্ঠৰ দিশে আহি আছিল অঞ্জন। অঞ্জনৰ একেবাৰে ওচৰতে বাইক পাৰ্ক কৰিছিল সৌৰভে। দুটা মোবাইল একে সময়তে চলাই আছিল গীতাশ্ৰীয়ে।
এখন কাণত আছিল সৌৰভৰ ফোন, আনখনত আছিল স্বামী অঞ্জনৰ ফোন।
গুৱাহাটীৰ খানাপাৰাৰ গুলীচালনাৰ ঘটনাক লৈ আজি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমোলযোগে সদৰি কৰিলে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ঘটনা সম্পৰ্কত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে প্ৰথমে অঞ্জনৰ পত্নী গীতাশ্ৰী আৰু পৰিয়ালে আৰক্ষীৰ আগত মিছা মাতিছিল। সৌৰভ গোৱেংকা হ’ল ঘটনাৰ মূল কালপ্ৰিট। আন দুই অভিযুক্ত গোবিন্দ কুমাৰ পেছাত অটোচালক আৰু অৰবিন্দ পেছাত গো–পালক।
অঞ্জনৰ পত্নী গীতাশ্ৰীৰ আগতে দুবাৰ বিবাহ হৈছিল। গুৱাহাটীত অস্থায়ীৰূপে আছিল দুয়ো। দ্বিতীয় স্বামীৰ লগত তেওঁৰ এটা সন্তান আছে। ত্ৰিপুৰাত থাকে সন্তানটো। অঞ্জন আৰু গীতাশ্ৰী বাল্য বন্ধু। অঞ্জনৰ লগত গীতাশ্ৰীৰ কোনো সামাজিক আৰু আইনী বিবাহো হোৱা নাছিল।
ABC থকা পাৰ্লাৰত কৰ্মৰত হৈ থাকোতে সৌৰভ গোৱেংকাৰ ফোন নম্বৰ লৈছিল। অঞ্জনে গীতাশ্ৰীৰ ঘৰত কেতিয়াও সোমোৱা নাছিল। অঞ্জন নাথ এলকোহোলিক হৈছিল। অৰবিন্দ ৰয়ৰ ঘৰত অঞ্জনৰ পৰা গীতাশ্ৰীক আঁতৰাবলৈ তন্ত্ৰ–মন্ত্ৰৰ পূজা পাতিছিল। ফেব্ৰুৱাৰীত প্ৰথমে প্ৰেমৰ সম্পৰ্ক হৈছিল গীতাশ্ৰী আৰু সৌৰভৰ। গীতাশ্ৰীৰ পৰিয়ালৰ সৈতে মায়ঙলৈও গৈছিল তন্ত্ৰ–মন্ত্ৰৰ পূজা কৰিবলৈ।