অবৈধ প্ৰেম, তন্ত্ৰ–মন্ত্ৰ, তাৰ পিছত হত্যাকাণ্ড! অঞ্জন হত্যাকাণ্ডৰ A টু Z

অবৈধ প্ৰেম, তন্ত্ৰ–মন্ত্ৰ, তাৰ পিছত হত্যাকাণ্ড! অঞ্জন হত্যাকাণ্ডৰ A টু Z

সেইদিনা জালুকবাৰীৰ পৰা বশিষ্ঠৰ দিশে আহি আছিল অঞ্জন। অঞ্জনৰ একেবাৰে ওচৰতে বাইক পাৰ্ক কৰিছিল সৌৰভে। দুটা মোবাইল একে সময়তে চলাই আছিল গীতাশ্ৰীয়ে।

এখন কাণত আছিল সৌৰভৰ ফোন, আনখনত আছিল স্বামী অঞ্জনৰ ফোন।

গুৱাহাটীৰ খানাপাৰাৰ গুলীচালনাৰ ঘটনাক লৈ আজি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমোলযোগে সদৰি কৰিলে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ঘটনা সম্পৰ্কত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে প্ৰথমে অঞ্জনৰ পত্নী গীতাশ্ৰী আৰু পৰিয়ালে আৰক্ষীৰ আগত মিছা মাতিছিল। সৌৰভ গোৱেংকা হ’ল ঘটনাৰ মূল কালপ্ৰিট। আন দুই অভিযুক্ত গোবিন্দ কুমাৰ পেছাত অটোচালক আৰু অৰবিন্দ পেছাত গো–পালক।

অঞ্জনৰ পত্নী গীতাশ্ৰীৰ আগতে দুবাৰ বিবাহ হৈছিল। গুৱাহাটীত অস্থায়ীৰূপে আছিল দুয়ো। দ্বিতীয় স্বামীৰ লগত তেওঁৰ এটা সন্তান আছে। ত্ৰিপুৰাত থাকে সন্তানটো। অঞ্জন আৰু গীতাশ্ৰী বাল্য বন্ধু। অঞ্জনৰ লগত গীতাশ্ৰীৰ কোনো সামাজিক আৰু আইনী বিবাহো হোৱা নাছিল।

ABC থকা পাৰ্লাৰত কৰ্মৰত হৈ থাকোতে সৌৰভ গোৱেংকাৰ ফোন নম্বৰ লৈছিল। অঞ্জনে গীতাশ্ৰীৰ ঘৰত কেতিয়াও সোমোৱা নাছিল। অঞ্জন নাথ এলকোহোলিক হৈছিল। অৰবিন্দ ৰয়ৰ ঘৰত অঞ্জনৰ পৰা গীতাশ্ৰীক আঁতৰাবলৈ তন্ত্ৰ–মন্ত্ৰৰ পূজা পাতিছিল। ফেব্ৰুৱাৰীত প্ৰথমে প্ৰেমৰ সম্পৰ্ক হৈছিল গীতাশ্ৰী আৰু সৌৰভৰ। গীতাশ্ৰীৰ পৰিয়ালৰ সৈতে মায়ঙলৈও গৈছিল তন্ত্ৰ–মন্ত্ৰৰ পূজা কৰিবলৈ।

গোবিন্দ ৰায়ে অস্ত্ৰ যোগাৰ কৰিছিল। গোবিন্দ ৰায় আৰু সৌৰভ গোৱেংকা গুৱাহাটীৰ পৰা ফ্লাইটযোগে কলকাতালৈ গৈছিল। গোবিন্দ ৰায়ে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিছিল সৌৰভ গোৱেংকাক। বিহাৰৰ পৰা চাটু গুৰিৰ বস্তাত প্ৰেৰণ কৰা হৈছিল মাৰণাস্ত্ৰটো।

সেইদিনা জালুকবাৰীৰ পৰা বশিষ্ঠৰ দিশে আহি আছিল অঞ্জন। অঞ্জনৰ একেবাৰে ওচৰতে বাইক পাৰ্ক কৰিছিল সৌৰভে। দুটা মোবাইল একে সময়তে চলাই আছিল গীতাশ্ৰীয়ে। এটাত অঞ্জনৰ খবৰ লৈ আছিল গীতাশ্ৰীয়ে আনটোত খবৰ প্ৰেৰণ কৰি আছিল সৌৰভ গোৱেংকাক। তাৰ পিছতেই এটা গুলী মাৰিছিল সৌৰভে।

হত্যাকাণ্ডৰ পিছতেই ভৰলু নদীত পিষ্টলটো পেলাই দিছিল সৌৰভে। গীতাশ্ৰীৰ দ্বিতীয়টো ম’বাইল ফোন জু–ৰোডত পেলাইছিল পৰিয়ালে। অৰবিন্দ ৰায়ৰ ঘৰত নিজৰ হোণ্ডা চিটি গাড়ীখন লুকুৱাই তিনিদিন ফোন বন্ধ কৰি ৰাখি আত্মগোপন কৰিছিল সৌৰভ গোৱেংকাই। হত্যাকাণ্ড সংঘটিত কৰি তাজ ভিভান্টা হৈ উলুবাৰীৰ দিশে পলায়ন কৰিছিল সৌৰভে।

সৌৰভ গোৱেংকা পেছাত এখন ড্ৰাই ফ্ৰুটছ দোকানৰ মেনেজাৰৰূপে কৰ্মৰত আছিল। অঞ্জনৰ পৰিয়াল আৰু গীতাশ্ৰীৰ পৰিয়ালক কেতিয়াও লগ পোৱা নাছিল। দুয়োটি পৰিয়ালৰ সম্বন্ধ ভাল নাছিল। এনেধৰণৰ অবৈধ প্ৰেমৰ বাবে ষড়যন্ত্ৰৰ বলি হৈ প্ৰাণ হেৰুৱালে অঞ্জন নাথে।

GTM Desk