Advertisement

অশ্লীল ফটাে-ভিডিঅ’ ভাইৰেল হােৱাৰ পাছতে কলেজীয়া ছাত্ৰীক নিলম্বন

অশ্লীল ফটাে-ভিডিঅ’ ভাইৰেল হােৱাৰ পাছতে কলেজীয়া ছাত্ৰীক নিলম্বন

 

 

এগৰাকী ছাত্ৰীৰ অশ্লীল ফটাে-ভিডিঅ’ ভাইৰেল হােৱাৰ পাছতে মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ জীৱনলৈ নামি আহিছে চৰম বিপৰ্যয়।

কিন্তু প্ৰকৃততে কােনে সংঘটিত কৰিলে এই নিকৃষ্ট কাণ্ড? ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভােগী ছাত্ৰীগৰাকী।

এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়া শিঙিৰাত।

ছাত্ৰীগাকীৰ ফটাে-ভিডিঅ’ কােনাে দুষ্টচক্ৰই ভাইৰেল কৰাৰ পাছতে অধ্যয়নৰত মহাবিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছে ছাত্ৰীগৰাকীক।

ভুক্তভােগী ছাত্ৰীগৰাকীয়ে অভিযােগ কৰা অনুসৰি, প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই দুই লম্পট আফজাল আৰু এলেক্স মামুনে ষড়যন্ত্ৰমূলকভাৱে অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে।

ইয়াৰ ফলত ছাত্ৰীগৰাকীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা।

সেয়ে উপায়হীন হৈ ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে ন্যায় বিচাৰি জুৰীয়া আৰক্ষীৰ কাষ চাপিছে।

এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব প্ৰকৃততে এই নিকৃষ্ট কাণ্ডৰ আঁৰত প্ৰকৃততে কােন জড়িত।

Shahnawaz Hamza

Related