মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান

মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান

বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্যৰ ভিন্নস্থানত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীটো আৰম্ভ হৈছে ব্যাপক উচ্ছেদ অভিযান ৷

দীৰ্ঘদিন ধৰি মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা দোকানসমূহ মঙলবাৰৰ পৰা জিএম চি শ্ৰমিক এফালৰ পৰা ভাঙে প্ৰায় শতাধিক দোকান ৷

একেদৰে অনুজ্ঞাপত্ৰ বিহীনভাৱে ফুটপাথত থকা হডিং আৰু বেনাৰো উচ্ছেদ কৰে জি এম চিয়ে ৷

উল্লেখ্য যে জি-২০ শীৰ্ষক সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰখন সবাংগসুন্দৰ কৰি তুলিবৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত জি এম চিয়ে যুদ্ধকালীন তৎপৰতাৰে মহানগৰৰ পদপথৰ পৰা দোকান- পোহাৰ উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

GTM Desk

Related