21.6 C
Assam
Saturday, May 21, 2022

Featured News

Centre alerts NCDC, ICMR on monkeypox: Sources

Issuing an alert to the National Centre...

Shah on two-day visit to Arunachal from Saturday

Union Home Minister Amit Shah will inaugurate...

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

২৪ কেৰেট সোণৰ পোছাক পিন্ধি বিবাহ পাশত আৱদ্ধ হোৱা কইনাগৰাকী

Assamese News২৪ কেৰেট সোণৰ পোছাক পিন্ধি বিবাহ পাশত আৱদ্ধ হোৱা কইনাগৰাকী

বিয়া সকলোৰে বাবে এক বিশেষ মুহূৰ্ত। এই মুহূৰ্তটো অধিক বিশেষ কৰি তুলিবলৈ, কইনাই বিয়াখনত আটাইতকৈ ধুনীয়া দেখাৰ সপোন দেখে। একে সময়তে, পৰম্পৰা আৰু জনজাতি অনুযায়ী বিয়াৰ কইনাৰ পোছাক বেলেগ বেলেগ ৰঙৰ হয়।

প্ৰতিগৰাকী কইনাই নিজৰ বিবাহৰ পোছাকযোৰ স্মৰণীয় হোৱাটো বিচাৰে। ইয়াৰ বাবে, কইনাই বিয়াত নিজৰ পোছাকজোৰৰ বাবে যথেষ্ট ধন ব্যয় কৰে। ঠিক এনে এগৰাকী কইনাই আছে যিয়ে বিয়াত ২৪ কেৰেটৰ সোণৰ পোছাক পিন্ধি বিবাহ পাশত আৱদ্ধ হৈছে। যিয়ে তেওঁক যথেষ্ট সৌন্দর্য বৰ্ধন কৰিছে।

এই কইনাগৰাকীৰ পোছাকযোৰৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কইনাগৰাকীৰ নাম কায়লা। মাই বিগ ফেট আমেৰিকান জিপচী ৱেডিঙত উপস্থিত হোৱা কায়লাই বৰ্ণনা কৰিছে যে, কেনেকৈ তেওঁ ২৪ বছৰীয়া টিমিক বিয়া কৰাই গৰ্জৰ পৰা জিপচীলৈ ৰাওনা হৈছে।

কইনাগৰাকীয়ে কৈছে যে, “মই সদায় এখন সুন্দৰ আৰু বিশেষ বিবাহৰ পোছাকৰ সপোন দেখি আহিছোঁ। মোৰ শাহুৱে মোক এনে ধৰণৰ পোছাক বাচনি কৰাৰ বাবে যথেষ্ট অনুপ্ৰাণিত কৰিছে।”

একে সময়তে, পোছাক ডিজাইনাৰ সোন্দ্ৰ চিলীক এই বিবাহৰ পোছাক ডিজাইন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। যদিও ইয়াৰ আগতে সৌন্দ্ৰৰ দ্বাৰা তেনে কোনো পোছাক ডিজাইন কৰা হোৱা নাই। অৱশ্যে, যেতিয়া ২৪ কেৰেটৰ সোণৰ গাউন বনোৱাৰ আদেশ পোৱা গৈছে, সৌন্দ্ৰই ইয়াক এক প্ৰত্যাহ্বান হিচাপে লয়।

সৌন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰি এই পোছাকযোৰ ডিজাইন কৰিবলৈ মন দিয়ে। একে সময়তে, যেতিয়া কইনাই এই পোছাকযোৰ পিন্ধি বিবাহ মণ্ডপলৈ আহে, উপস্থিত থকা সকলো মানুহ  আচৰিত হৈ পৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: