কচুগাঁৱৰ পানবাৰিত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এজন নিহতঃএজন গুৰুতৰ আহত

কচুগাঁৱৰ পানবাৰিত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এজন নিহতঃএজন গুৰুতৰ আহত

গোসাইগাঁও ২০ জানুৱাৰীঃ গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত পানবাৰিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা পথ দুৰ্ঘটনাত মোটৰ চাইকেল আৰোহী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ৰূপে আহত হৈ চিকিৎসাধীন হৈছে ৷ নিহত লোকজন কচুগাঁও থানাৰ অন্তৰ্গত কান্দানাপাৰা বাসিন্দা দুখিৰাম ৰায়(২৮) আৰু আহত লোকজন একেখন গাঁৱৰে বাসিন্দা অৰ্জুন কৰ্মকাৰ বুলি চিনাক্ত কৰাহৈছে ৷ কাঠমিস্ত্ৰিৰ কাম কৰি জীবিকা নিৰ্বাহ কৰা দুখিৰাম ৰায়ে আজি পুৱা নিজৰ এ এছ ১৬ এফ ১৯১৫ নম্বৰৰ নিজৰ সুপাৰ স্প্লেন্ডাৰ মোটৰ চাইকেলেৰে আন এজন সতিৰ্থৰ সৈতে কচুগাঁও অভিমুখে গৈ থাকোতে পানবাৰিত ৰাষ্ট্ৰীয় ঘাইপথত এটি অজ্ঞাত গাড়ীয়ে খুন্দা মাৰি পলাই যায় ৷ ফলত গুৰুতৰ ৰূপে আহত দুয়োকে ৰাইজে কচুগাঁও প্ৰাথমিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে দুখিৰাম ৰায়ক মৃত বুলি ঘোষনা কৰে ৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰন কৰে ৷

GTM Desk

Related