আম খেতিৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দেখুৱালে গোঁসাইগাঁৱৰ এজন যুৱকে।

আম খেতিৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দেখুৱালে গোঁসাইগাঁৱৰ এজন যুৱকে।

এটা আমৰ বজাৰ মূল্য কিমান হব পাৰে আপুনি ধাৰণা কৰিব পাৰেনে? দেখাত সাধাৰণ আম যেন লাগিলেও এই আমৰ বজাৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব। হয় ঠিকেই ধৰিছে। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অক্সিগুড়ি গাওঁৰ নিবাসী ম: শাফিনুৰুল মিয়া নিজ গৃহ প্ৰাংগণত বিভিন্ন দেশৰ প্ৰায় ১৫০ টা প্ৰজাতিৰ আমৰ পুলি ৰোপণ কৰিছে। আৰু ইয়াৰে প্ৰতিটো আমৰ বৰ্তমান আন্তৰ্জাতিক বজাৰ মূল্য ২১ হাজাৰৰ পৰা এক লাখলৈকে। জাপান,চিন, অষ্ট্ৰেলিয়া, থাইলেণ্ড, আমেৰিকাৰ উপৰিও বিভিন্ন দেশৰ অত্যাধিক মূল্যৰ নানা প্ৰজাতিৰ আমৰ পুলি আমদানি কৰি যুৱকজনে এনেদৰে ধন উপাৰ্জনৰ এক পন্থা দেখুৱাবলৈ সক্ষম হৈছে। জাপানিছ মিয়াঝাকি,থাইলেণ্ড নামদগমইহোৱাইট, ব্লেক স্টোন হানিডো, থ্ৰী টিছ আৰু বহু প্ৰজাতিৰ আমেৰে ভৰি পৰিছে যুৱকজনৰ নিজ গৃহ প্ৰাংগণ। কোনোবা ইচ্ছুক ব্যক্তিয়ে এই আম ক্ৰয় কৰিব বিচাৰিলে নিম্বলিখিত লোকজনক নম্বৰত যোগাযোগ স্থাপন কৰিব পাৰে।

Contact number-9678045134/8822395255

GTM Desk

Related