বেল্ফাষ্টৰ Queen’s Universityৰ সমাৱৰ্তনত পাটৰ কাপোৰ পিন্ধি পি.এইচ.ডি ডিগ্ৰী গ্ৰহণ কৰিলে যোৰহাটৰ বাহনাৰ সংস্কৃতা মধুকল্যই
বেল্ফাষ্টৰ Queen’s Universityৰ সমাৱৰ্তনত পাটৰ কাপোৰ পিন্ধি পি.এইচ.ডি ডিগ্ৰী গ্ৰহণ কৰিলে যোৰহাটৰ বাহনাৰ সংস্কৃতা মধুকল্যই
আন্তৰিক অভিনন্দন “বাহনাৰ গৌৰৱ” সংস্কৃতা– সুহৃদসকল, আমাৰ বাহনাৰ বৰ ভাল খবৰ এটা লৈ আহিছোঁ। আপোনালোকে জানেই মই আমাৰ অঞ্চলটোৰ ভাল খবৰবোৰ কৈ ভাল পাওঁ। Actually I celebrate my locality– যেতিয়াই সুবিধা পাওঁ।

আপোনালোকৰ যদি মনত আছে, মই ভনীজনীৰ বিষয়ে আগতেই ইয়াত লিখিছিলোঁ যেতিয়া তেওঁ ইউনাইটেড কিংডমত (The UK)-ৰ বেলফাষ্ট (Belfast)ৰ Queen’s University -ত ৰসায়ন বিজ্ঞান পঢ়িবলৈ গৈছিল। তাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত বিশ্বৰ প্ৰথম Ionic Liquids গৱেষণা কেন্দ্ৰ QUILL (Queen’s University Ionic Liquids Laboratories)-ত Ph.D-প্ৰগেমত নামভৰ্তি কৰিলে আৰু শেহতীয়াকৈ তেওঁ তাৰে পৰা সন্মানীয় Ph.D ডিগ্ৰী লাভ কৰি আমাৰ অঞ্চল তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বাহনাৰ ধৌৱাপুখুৰী গাঁও নিবাসী সহজ-সৰল ব্যক্তি শ্ৰী ৰঞ্জিত শৰ্মা আৰু শ্ৰী মালা শৰ্মাৰ একমাত্ৰ কন্যা সংস্কৃতাই গভীৰ অধ্যৱসায় আৰু মনৰ দৃঢ়তাৰ বলত এই বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ নৱ প্ৰজন্মক দেখুৱাই দিছে যে মনৰ দৃঢ়তা থাকিলে অসম্ভৱো সম্ভৱ হয়। তেওঁ আমাৰ প্ৰেৰণাৰ উৎস।

সংস্কৃতালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকেও সংস্কৃতাক আশীৰ্বাদ দিব।
✍️মানসজ্যোতি