শনিবাৰে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰা হ’ব চতুৰ্থ বৰ্ষৰ “গুণ মহন্ত বঁটা”

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬আগষ্ট :–নগাঁও জিলাৰ বৈষ্ণৱ আদৰ্শৰ অন্যতম সত্ৰীয়া অনুষ্ঠান পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত লখিমী মহন্ত,মিচিমি মহন্ত আৰু ৰক্তিম সুৰুয মহন্তৰ তত্ত্বাৱধানত অসমৰ জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী গুণ মহন্তৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অহা শনিবাৰে (২৭আগষ্ট) আয়োজন কৰা হৈছে । অভিনেতাগৰাকীৰ নিজা বাসভৱন নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ নন্দশ্ৰী প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত হ’ব ।

নিজা বাসভৱনৰ সত্ৰ নামঘৰত পুৱা নাম-প্ৰসংগ, শ্ৰদ্ধাঞ্জলি,আৰ্শীবাদেৰে গুণ মহন্তৰ সাংস্কৃতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভৰ পাছতে বন্তি প্ৰজ্বলন, বিশিষ্ট অতিথিসকলৰ সম্বৰ্ধনা অনুষ্ঠান,বঁটা প্ৰদান, সত্ৰীয়া নৃত্যানুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচীৰ দিহা কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে । উল্লেখ্য যে এই অনুষ্ঠানতে চলিত বৰ্ষ (চতুৰ্থ বৰ্ষ)ৰ গুণ মহন্ত বঁটা অসমৰ বোলছবি তথা চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰা হ’ব । ষ্মৰ্তব্য যে গুণ মহন্তৰ দুখন পুথি “গুণাকৰ” আৰু “মৰমৰ গভীৰ সাগৰ” ৰ লগতে নিজা বাসভৱনত “গুণ মহন্ত পুথিভঁৰাল” আৰু “গুণ মহন্ত সংগ্ৰাহলয়” পৰিয়ালৰ তত্ত্বাৱধানত ঘৰুৱাভাৱে স্থাপন কৰি ৰাইজ আৰু শিশুৰ বাবে মুকলি কৰা হৈছে ।

উল্লেখ্য যে “গুণ মহন্ত বঁটা” ইতিমধ্যে প্ৰথম বছৰত শিল্পী-সাংবাদিক মুকুল দাস,দ্বিতীয় বছৰত জ্যেষ্ঠ অধিবক্তা নিৰঞ্জন শৰ্মা আৰু তৃতীয় বছৰত আৰক্ষী বিষয়া তথা কবি-সাহিত্যিক ড° নন্দ সিং বৰক’লাক প্ৰদান কৰা হৈছিল । ইপিনে অভিনেতা গুণ মহন্তৰ শেষকৃত্য সম্পন্ন কৰা শেনছোৱাৰ নিজা মাটিত শিল্পীগৰাকীৰ “সম্পূৰ্ণ প্ৰতিমূৰ্তি” ইতিমধ্যে নিৰ্মাণ কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author