নলা–নর্দমা নিষ্কাশনৰ নামত জি এম চিৰ প্রহসনঃ পথৰ দাঁতিত বোকা–আৱর্জনাৰ দ’ম: বিনষ্ট পৰিৱেশ

1 min read

 গুৱাহাটী মহানগৰীক বানমুক্ত কৰিবলৈ পৌৰ নিগমে যুদ্ধকালীন প্রচেষ্টাৰে নলা–নর্দমা নিষ্কাশন কৰি আছে৷ বিগত কেইবাদিন ধৰি দিনে–নিশাই মহানগৰীৰ প্রান্তে প্রান্তে চলিছে নলা–নর্দমা আৰু ভৰলু তথা বাহিনী নৈৰ আৱর্জনা নিষ্কাশনৰ কাম৷ নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে বিভাগীয় বিষয়া–কর্মচাৰীৰ সহযোগিতাৰে যুদ্ধকালীন প্রচেষ্টা অব্যাহত ৰাখিছে৷

পৌৰ আয়ুক্তৰ তৎপৰতাক মহানগৰবাসীয়ে শলাগ লোৱাৰ উপৰি এইগৰাকী দক্ষ বিষয়াৰ প্রচেষ্টাৰ জৰিয়তে সম্ভাব্য কৃত্রিম বানৰ পৰা এইবেলি সর্বসাধাৰণ লাকে কিঞ্চিৎ সকাহ পাব বুলি ধাৰণা কৰা হৈছে৷ কিন্তু মহানগৰীৰ বিভিন্ন স্থানত নলা নিষ্কাশন কৰি আৱর্জনা আৰু বোকা পথৰ দাঁতিত দ’মাই থোৱাত কৃত্রিম বান নিয়ন্ত্রণত পৌৰ নিগম কর্তৃপক্ষ কিমানদূৰ সফল হ’ব, এই লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷

নলাৰ পৰা উঠাই অনা বোকা আৰু আৱর্জনা তিনি–চাৰি দিন পর্যন্ত পথৰ দাঁতিত পেলাই যোৱাত বৰষুণে পুনৰ সেই বোকা নলাত পেলাইছে৷ তদুপৰি পথৰ দাঁতিত দ’মাই থোৱা বোকা আৰু আৱর্জনাৰ দ’মৰ পৰা নির্গত হোৱা পূতিগন্ধময় পৰিৱেশৰ বাবে যাতায়াতৰ ক্ষেত্রত আন এক সমস্যাৰ সৃষ্টি হৈছে৷ কেৱল সেয়াই নহয়, বোকা–আৱর্জনাৰ দ’মৰ বাবে কিছুমান ঠেক পথত সৰু–সুৰা কেইবাটাও দুর্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷

বিশেষকৈ মহানগৰীৰ ৰাজগড় পথ, কাহিলিপাৰাৰ পাৱাৰ হাউছ, বেলতলা চাৰিআলি, ভেটাপাৰা, ছয়মাইল, পাঞ্জাবাৰী আৰু বাঘৰবড়ি অঞ্চলত নলাৰ পৰা তুলি অনা জাবৰৰ দ’মে পৰিৱেশ বিনষ্ট কৰিছে৷ এইক্ষেত্রত পৌৰ নিগমে পৰৱর্তী সময়ত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ Source: Niyomiya Barta

You May Also Like

More From Author