গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং কেতিয়া সম্পূৰ্ণ হ’ব? লোকনিৰ্মাণ বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

1 min read

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মান দলঙৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ব্ৰহ্মপুত্ৰ ওপৰত নির্মীয়মান দলং খন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ৩৭ শতাংশ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি বিভাগে অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীক।

লোকনিৰ্মান বিভাগৰ গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত মুখ্য অভিযন্তা কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী প্ৰস্তাৱিত দলঙৰ প্ৰাৰম্ভিক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে “অসম মালা”ৰ অধীনত নিৰ্মাণ হৈ থকা বিভিন্ন পথ প্ৰকল্প অগ্ৰগতি বিতং বুজ লয়।

বৈঠকখনত লখিমপুৰ-ঘূণাসুঁতি আৰু পাগলাদিয়া নৈৰ ওপৰত কুমাৰীকাটা-জালাহ সংযোগী দলং দুখনৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন শীঘ্ৰে বিভাগক প্ৰস্তুত কৰা নিৰ্দেশ দিয়ে।

পৰ্যায়লোচনা বৈঠকত লোক নিৰ্মান বিভাগৰ আয়ুক্ত সচিবো উপস্থিত থাকে।

You May Also Like

More From Author