fbpx
August 15, 2021

গুৱাহাটীত ৰেভপাৰ্টী:ড্ৰাগছৰ পাৰ্টী পাতি আৰক্ষীৰ জালত অভিজাত পৰিয়ালৰ যুৱক-যুৱতী

মগুৱাহাটীত ড্ৰাগছৰ পাৰ্টী পাতি জালত পৰিল অভিজাত পৰিয়ালৰ যুৱক-যুৱতী৷গুৱাহাটীৰ খাৰঘুলিত  নিশা লতাশিল আৰক্ষীয়ে অভিযান চলাই ১৮গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰণ্য সিনহা,ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ,ফাহাদ ফাৰী আলী, ৰাকেশ বৰগোহাঁই আৰু দেৱৰ্ষি বেৰিয়াক৷

গ্ৰেপ্তাৰ কৰা হৈছে কেইবাগৰাকীও মহিলাক৷বহু নিশালৈ হোটেলখনত অমিত বৰুৱা নামৰ এজন লোকক জন্মদিন উদযাপনৰ নামত চলিছিল পাৰ্টী।গ্ৰেপ্তাৰ হোৱা আটাইকেইজন সম্ভ্ৰান্ত ঘৰৰ যুৱক-যুৱক-যুৱতী বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ নিষিদ্ধ কোকেইন আৰু গাঞ্জা৷

error: Content is protected !!
%d bloggers like this: