26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

হাগ্ৰামা মহিলাৰীৰ পাছত এইবাৰ প্ৰমোদ বড়োৰ প্ৰস্তাৱ নাকচ …

Assamese Newsহাগ্ৰামা মহিলাৰীৰ পাছত এইবাৰ প্ৰমোদ বড়োৰ প্ৰস্তাৱ নাকচ ...

বড়োভূমিত তেল পানী এক কৰিবলৈ গৈ বিবুদ্ধিত ৰাজ্যিক বিজেপি ৷ বিজেপিৰ ৰণনীতি মানি নলয় বড়োভূমিত বিপিএফ, ইউ পি পি এলে ৷ কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে দিব নিজ দলৰ প্ৰাৰ্থী ৷

দুদিন পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত কোকৰাঝাৰত প্ৰাৰ্থী দিয়াৰ কথা ৷ হাগ্ৰামা মহিলাৰীৰ এনে ঘোষণাৰ পাছত এইবাৰ মুখ খুলিলে BTR প্ৰধান প্ৰমোদ বড়োৱে ৷ কোনো বিগ ব্ৰাদাৰ অথবা স্মল ব্ৰাদাৰ ৰাজনৈতিক দলৰ একক সিদ্ধান্তই শেষ সিদ্ধান্ত হ’ব নোৱাৰে ৷ বিবেক, নীতি আৰু সমাজে নিৰ্ণয় কৰিব UPPLৰ সিদ্ধান্ত ৷ বিজেপিয়ে ভৱাৰ ধৰণে এই পৰ্য্যন্ত তেনে কোনো সিদ্ধান্তৰ কথা চিন্তা কৰা নাই UPPL প্ৰধান প্ৰমোদ বড়োই ৷ বড়োভূমিৰ দায়িত্বত থকালৈ UPPL প্ৰধান গৰাকীৰ মাথোন এটাই প্ৰাৰ্থনা যাতে তেওৰ দ্বাৰা ভগবানে কোনো ভূল কাম নকৰে ৷ বিটিআৰক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মন্তব্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব ৷ মুখ্যমন্ত্ৰীয়ে বুদ্ধিৰে দুই ৰাজনৈতিক দলক লগত লৈ প্ৰাৰ্থী দিয়াৰ পৰিকল্পনা বিজেপিৰ ৷ দুই দলক একগোট কৰি লোকসভাত প্ৰাৰ্থী আগবঢ়াৰ ইংগিত দিছিল দিলীপ শইকীয়াই ৷ পিছে, শইকীয়াৰ এনে মন্তব্যৰ বিপৰীতে জুই শিখা নুঠা পৰ্য্যন্ত বড়োভূমিত শান্তিময় পৰিবেশত থকাৰ কথা প্ৰমোদ বড়োৰ মুখত ৷ যদিওৱা একে আশাৰে BPF ৰ সৈতে মিত্ৰতালৈ নহাৰ কথা স্বীকাৰ কৰা নাই তথাপি দীৰ্ঘ সময় অশন্ত জৰ্জৰ কৰি ৰখা কোনো দলৰ সতে মিলি কাম  নকৰাৰ ইংগিত প্ৰমোদ বড়োৰ ৷ কোকৰাঝাৰ, মঙ্গলদৈক লৈ বিজেপিয়ে তেল পানী এক কৰাৰ অংক যেন উজুটি খাইছে দুই দলৰ প্ৰধানৰ কথাত ৷ কিয়নো কোনো কালে দুই বড়োভূমিৰ দলে বিচৰা নাই দুই বৈড়ীৰ সতে মিত্ৰতা ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!