22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

এই ৫টা ভাইৰাছ সমগ্ৰ বিশ্বৰ বাবে হৈ পৰিছে মূৰৰ কামুৰণিঃ ক’ৰোনাৰ দৰেই সৃষ্টি কৰিব পাৰে আতংক!

Assamese Newsএই ৫টা ভাইৰাছ সমগ্ৰ বিশ্বৰ বাবে হৈ পৰিছে মূৰৰ কামুৰণিঃ ক'ৰোনাৰ দৰেই সৃষ্টি কৰিব পাৰে আতংক!

বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ইকুৱেটৰিয়েল গিনিত মাৰ্বাৰ্গ ৰোগৰ ফলত হোৱা প্ৰাদুৰ্ভাৱৰ খবৰ আহিছে। ইকুৱেটৰিয়েল গিনিৰ তথ্য অনুসৰি ইব’লাৰ সৈতে জড়িত এই ভাইৰাছৰ বাবে ইতিমধ্যে কমেও ৯ জন লোকৰ মৃত্যু হৈছে। বিশ্বৰ পৰা মাৰাত্মক ভাইৰাছ নিৰ্মূলৰ কচৰৎ যে অব্যাহত থাকিব তাৰ প্ৰমাণ এইবোৰ ঘটনা।

ক্ৰিমিয়ান-কংগো ৰক্তক্ষৰণজনিত জ্বৰঃ এই ৰোগ প্ৰায়ে আফ্ৰিকা, বাল্ক, মধ্যপ্ৰাচ্য আৰু এছিয়াত দেখা যায়। পৰজীৱী পোকে কামুৰিলে ক্ৰিমিয়ান-কংগো জ্বৰ ৰোগ হয় আৰু মানুহ আক্ৰান্ত হয়। এই জ্বৰত আক্ৰান্ত ১০ৰ পৰা ৪০ শতাংশ লোকৰ মৃত্যু হয়।

ইব’লা আৰু মাৰ্বাৰ্গঃ ইব’লা আৰু মাৰ্বাৰ্গ সাধাৰণতে বাদুলি আৰু প্ৰাইমেট (বান্দৰৰ দৰে প্ৰাণী)ৰ বাবে মানুহৰ মাজত বিয়পি পৰে। এজন ব্যক্তি আক্ৰান্ত হোৱাৰ পিছত আন মানুহলৈও এই ৰোগ বিয়পাই দিয়ে। এই ৰোগত মৃত্যুৰ হাৰ ৫০ শতাংশ পৰ্যন্ত। ঘানা আৰু কংগোত ইব’লাৰ ভেকচিন ব্যৱহাৰ কৰা হৈছে।

লাছা জ্বৰঃ নিগনিৰ মল আৰু প্ৰস্ৰাৱৰ বাবে মানুহৰ দেহত লাছা জ্বৰ বিয়পে। বৰ্তমান এই ৰোগ পশ্চিম আফ্ৰিকাতে সীমাবদ্ধ। এই ৰোগৰ সংস্পৰ্শলৈ অহা মানুহে সহজেই আনলৈ বিয়পাব পাৰে। ইয়াৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী হৈছে গৰ্ভৱতী মহিলা। ৰোগীৰ জ্বৰৰ বাবেও বধিৰতা দেখা দিয়ে।

নিপাহ ভাইৰাছঃ বাদুলিৰ দ্বাৰা বিয়পি পৰা এই ৰোগ সাধাৰণতে এছিয়াত মানুহক ইয়াৰ বলি হোৱা দেখা যায়। এই ভাইৰাছ ঘোঁৰা, মেকুৰী আৰু কুকুৰৰ জৰিয়তেও বিয়পে। ইয়াৰ উপৰিও মানুহৰ পৰা মানুহলৈ বিয়পি পৰা ভাইৰাছ। নিপাহ ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ মগজু প্ৰদাহ হৈ পৰে। এই ৰোগত মৃত্যুৰ হাৰ ৪০-৭০ শতাংশ আৰু বৰ্তমান সময়ত কোনো ভেকচিন নাই।

জিকা ভাইৰাছ: মহে কামোৰাৰ ফলত বিয়পি পৰা এই ৰোগে তেজ সংক্ৰমিত কৰে। সাধাৰণতে জিকা মাৰাত্মক নহয়। কিন্তু ইয়াৰ সংক্ৰমণ হ’লে মগজুৰ গুৰুতৰ বিসংগতি হ’ব পাৰে। বৰ্তমান এই ৰোগৰ কোনো ভেকচিন নাই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!