20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

চিৰাংত কিশোৰীক উলংগ কৰি দলবদ্ধ যৌন নির্যাতনৰ ভিডিঅ’ ভাইৰেল

Assamese Newsচিৰাংত কিশোৰীক উলংগ কৰি দলবদ্ধ যৌন নির্যাতনৰ ভিডিঅ’ ভাইৰেল

কিছুদিন পূর্বে চিৰাং জিলাত সভ্য সমাজক লজ্জিত কৰা এগৰাকী অসহায় নাৰীক যৌন নির্যাতনৰ দৰে ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই পুনৰ অন্য এক নাৰকীয় কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী কিশোৰীক তিনি যুৱকে বলপূর্বক বিবস্ত্র কৰি দলবদ্ধ যৌন নির্যাতন চলোৱা এক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত এই ঘটনা পোহৰলৈ আহিছে৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে মুখলজ্জা তথা সামাজিক নিন্দাৰ ভয়ত ইমান দিনে মৌন হৈ আছিল বুলি অনুমান কৰাৰ বিপৰীতে কিশোৰীগৰাকীৰ পৰিয়ালে ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ঘটনাৰ বিষয়ে জানিব পাৰি কালি ৰুণীখাতা থানাৰ অন্তর্গত শান্তিপুৰ উপ–আৰক্ষী চকীত ঘটনাৰ বিষয়ে অৱগত কৰি লিখিত অভিযোগ দাখিল কৰে৷

কিশোৰীগৰাকীক যৌন নির্যাতন তথা বলাৎকাৰ কৰা অপৰাধীকেইজনক কঠোৰ শাস্তি প্রদানৰ দাবী জনাই এজাহাৰ দাখিল কৰে৷ অভিভাৱকে এজাহাৰত উল্লেখ কৰা মতে ইংৰাজী নৱবর্ষৰ প্রথম দিনটোত নিজলাগুৰি নিজৰা বনভোজস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে বেৰগাঁও দলঙৰ পৰা ৪নং ওদালগুৰি গাঁৱৰ দান্তাল নার্জাৰী আৰু তেওঁৰ সহযোগীদ্বয় ক্রমে সৌমদৌন বসুমতাৰী ওৰফে গৌথাও আৰু আমতে নার্জাৰীয়ে কিশোৰীগৰাকীক বলপূর্বক হাবিৰ মাজলৈ টানি লৈ যায়৷ হাবিৰ মাজত  অসহায় কিশোৰীগৰাকীক বিবস্ত্র কৰি দলবদ্ধ যৌন নির্যাতন চলোৱাৰ লগতে নির্যাতনৰ সমগ্র দৃশ্য কেমেৰাত বন্দী কৰে৷ মৰণকাতৰ চিঞৰ–বাখৰ কৰিও নিজকে ৰক্ষা কৰিবলৈ সমর্থ নোহোৱা অসহায় কিশোৰীগৰাকীৰ বস্ত্রবিহীন শৰীৰৰ ওপৰত বহি লৈ মানুহৰূপী দানৱৰ দলটোৱে অকল্পনীয় যৌন নির্যাতন চলায়৷

কিশোৰীগৰাকীক পাছত নির্যাতনকাৰীকেইজন দান্তাল নার্জাৰীৰ গৃহলৈ লৈ গৈ বলাৎকাৰ কৰে বুলিও এজাহাৰখনত উল্লেখ কৰা হৈছে৷ ৰুণীখাতা থানাৰ আৰক্ষীয়ে ঘটনা সংক্রান্তত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ নিখিল বডো ছাত্র সন্থাৰ চিৰাং জিলা সমিতিয়ে এই বর্বৰ ঘটনাৰ সৈতে জডিতসকলক শীঘ্রে গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি প্রদানৰ দাবী জনাইছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!