25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

পুৱাই বাহী মুখে এগিলাচ পানী খালে উপকাৰ পাব

Assamese Newsপুৱাই বাহী মুখে এগিলাচ পানী খালে উপকাৰ পাব

পানীয়েই জীৱন৷ পানী স্বাস্থ্যৰ মহৌষধ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ অৱশ্যে পানী খোৱাও নিয়ম আছে৷ আপুনি যদি নিয়মমতে পানী খাই তেন্তে আপোনাৰ শৰীৰ সুস্থ থাকিব৷ বহুতেই নাজানে পানী কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে৷ পানী কেতিয়া কেনেকৈ খাব লাগে তাক জানো আহক–

[১] খালী পেটত পানী খোৱাটো অত্যন্ত উপকাৰী৷ পুৱা শুই উঠিয়েই বাহীমুখে পানী খালে বহু উপকাৰ পোৱা যায়৷ অৰ্থাৎ পুৱা দাঁত ব্ৰাচ কৰাৰ আগেয়ে পানী খাওক৷ এনে অভ্যাস কৰিলে পেটৰ বহু সমস্যাৰ পৰা সকাহ পাব পাৰি৷

[২] মুখৰ লেলাউটিৰ পৰাও অনেক উপকাৰ পোৱা যায়৷ কুকুৰ, মেকুৰীৰ ক্ষেত্ৰত দেখা যায় যে শৰীৰত ঘাঁ হ’লে জিভাৰে সি চেলেকি থাকে৷ ইয়াৰ নি(য় কাৰণ আছে৷ স্বাভাৱিকভাৱে এজন সুস্থ মানুহৰ অসংখ্য সৰু-বৰ লেলাউটি গ্ৰন্থি থাকে৷ যাৰ দ্বাৰা গড়ে প্ৰায় ৰ লিটাৰ লেলাউটি নিঃসৃত হয়৷ লেলাউটিত ৯৮ শতাংশ পানী থাকে আৰু বাকী ২ ভাগত শৰীৰৰ প্ৰয়োজনীয় এনজাইম, মিনাৰেল আৰু জীৱাণু ধবংসকাৰী উপাদান থাকে৷

[৩] লেলাউটি শৰীৰৰ বাবে আটাইতকৈ ভাল ঔষধ৷ লেলাউটিত ঔষধি গুণ প্ৰচুৰ পৰিমাণে থাকে৷ পুৱাৰ সময়ত লেলাউটি খুব খাৰীয় হৈ থাকে৷ ই বিষনাশক হিচাপেও কাম কৰে৷ শৰীৰত কোনো আঘাত লাগিলে সেই স্থানত মুখৰ লেলাউটি লগালে আঘাত খুব সোনকালে ভাল হয়৷ শৰীৰত লেলাউটি তৈয়াৰ হ’বলৈ প্ৰায় একলাখ গ্ৰন্থিয়ে কাম কৰি থাকে৷

[৪] আপুনি যদি শুই উঠি বাহীমুখে পানী খাব পাৰে তেতিয়া বৰ উপকাৰ হয়৷ ইয়াৰ দ্বাৰা মুখৰ লেলাউটি শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে৷ যিটো অত্যন্ত দৰকাৰ৷ পানীৰ লগত লেলাউটি শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰে৷ সেয়ে বাহী মুখে পানী খালে উপকাৰ পোৱা যায়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!