22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা!

Assamese Newsকাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা!

কাইলৈৰ (২০ ফেব্রুৱাৰী) পৰা ২০ মার্চলৈ ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ ৰাজ্যৰ ৮৫৬টাকৈ পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব কলা, বিজ্ঞান, বাণিজ্য শাখাৰ পৰীক্ষা৷ প্রথমবাৰৰ বাবে এইবাৰ ফাইনেল পৰীক্ষাত অৱতীর্ণ হ’ব ৩,৪,৮৬৯ পৰীক্ষার্থী৷

উল্লেখ্য যে ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ বাবে ২০২১ চনত মেট্ৰিক পৰীক্ষাত এইসকল পৰীক্ষার্থীক উত্তীর্ণ ঘোষণা কৰিছিল ছেবাই৷ একেদৰে ২০২২ চনত এইসকল পৰীক্ষার্থীক পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে উত্তীর্ণ ঘোষণা কৰিছিল শিক্ষা সংসদে৷ সেয়েহে এইবাৰ এইসকল পৰীক্ষার্থীয়ে জীৱনত প্রথমবাৰৰ বাবে অৱতীর্ণ হ’ব ফাইনেল পৰীক্ষাত য’ত কলা শাখাত ২,৭২,৫২৯, বিজ্ঞান শাখাত ৪৭,৪৮৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত অৱতীর্ণ হ’ব ১,৯৪৮গৰাকী৷

ইফালে, পৰীক্ষা সুচাৰুভাৱে সম্পন্ন কৰিবলৈ শিক্ষা সংসদে প্রস্তুতি সম্পূর্ণ কৰিছে৷ ইতিমধ্যে প্রতিটো পৰীক্ষা কেন্দ্রলৈ শিক্ষা সংসদে প্রেৰণ কৰিছে পৰীক্ষাৰ উত্তৰ বহী৷

আনহাতে, বিগত বর্ষৰ দৰে এইবেলিও পৰীক্ষা কেন্দ্রত নিষিদ্ধ ম’বাইল, ইলেক্ট্রনিক ঘড়ী, কেলকুলেটৰকে ধৰি ইলেক্ট্রনিক সামগ্রী৷ একেদৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্রতিটো পৰীক্ষা কেন্দ্রত ১৪৪ ধাৰা জাৰি কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে৷

আনহাতে, এইবাৰ পৰীক্ষার্থীসকলক প্রশ্নকাকত পঢ়িবলৈ অতিৰিক্ত ১০ মিনিট সময় দিয়া হ’ব বুলিও Guwahati Timesৰ আগত সদৰী কৰে পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে৷ মুঠতে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সাজু হৈছে শিক্ষা সংসদ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!