Advertisement

৩৩ কোটি নহয় ৩৩ প্ৰকাৰৰহে দেৱতা আছে হিন্দু ধৰ্মত!

৩৩ কোটি নহয় ৩৩ প্ৰকাৰৰহে দেৱতা আছে হিন্দু ধৰ্মত!

অতীতৰ পৰাই হিন্দু ধৰ্মক বিনাশ কৰাৰ বাবে সময়ে সময়ে চেষ্টা চলি আহিছে ।
ইয়াৰ বাবে আদিম যুগত দানৱৰ আক্ৰমণ হৈছিল , তাৰ পাছত মোগল , ব্ৰিটিছ , ফৰাছী আদি বহুতেই আক্ৰমণ কৰিও হিন্দু ধৰ্মক শেষ কৰিব পৰা নাই ।

চল , বল , কৌশক একোৰেই বিনাশ কৰিব নোৱাৰি পাছত বদনাম কৰাত লাগিল ।

হিন্দুৰ প্ৰত্যেক টো প্ৰথাৰে ভুল বাখ্যা দি বহুত কৌশলেৰে বদনাম কৰি আহিছে ।

তাৰেই এটা উদাহৰণ হল ৩৩ কোটি দেৱতা । হিন্দু ধৰ্মত ৩৩ কোটি দেৱতা আছে বুলি কৈ হিন্দু ধৰ্মক বেলেগ ধৰ্মৰ মানুহে তো হাঁহি আহিছে তাৰ লগতে হিন্দু ধৰ্মৰ মানুহেও নিজেই নিজৰ ধৰ্মৰ ওপৰত হাঁহে । কাৰণ জ্ঞানৰ অভাৱ ।

আচলতে হিন্দু ধৰ্মত ৩৩ কোটি নহয় , ৩৩ প্ৰকাৰৰ হে দেৱতা আছে ।

সংস্কৃতত কোটি শব্দৰ অৰ্থ 2 তা । তাৰ এটা হল কোটি মানে প্ৰকাৰ আৰু আনটো কোটি মানে কোটি ।

৩৩ প্ৰকাৰৰ দেৱতা তলত দিয়া হল ::

১২ প্ৰকাৰ হল আদিত্য : ধাতা , মীত , আৰ্যমা , চক্ৰ ,বৰুণ , আঁচ , ভাগ , বিবাশ্বন , পূশ , ছবিতা , তাৱশ্য আৰু বিষ্ণু ।

৮ প্ৰকাৰ হল বসু : ধৰ , ধ্ৰুৱ , সোম , অহ, অনিল , অনল , প্ৰত্যুশ আৰু প্ৰভাষ ।

১১ প্ৰকাৰ হল ৰুদ্ৰ : হৰ , বহুৰোপ , ট্ৰায়ম্বক , অপৰাজিতা , বৃষকপি , সম্ভূ , কঁপাৰ্টি , ৰেৱাত ,মৃগব্যধ , সর্বা , আৰু কপালি ।

আৰু ২ প্ৰকাৰ হল অস্বীনি আৰু ,কুমাৰ ।

মুঠ ১২+৮+১১+২ = ৩৩

গতিকে যিসকলে এতিয়াও হিন্দু ধৰ্মত ৩৩ কোটি দেৱ-দেৱী আছে বুলি ভাবি আছে, তেন্তে এই কথাটো মনৰ পৰা আঁতৰাই পেলাওক।

Shahnawaz Hamza

Related