24.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অমিত শ্বাহ

Assamese Newsঅহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অমিত শ্বাহ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহ অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীশ্বাহে অৰুণাচলৰ আনজাও জিলাৰ কিবিথুত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী মুকলি কৰিব। তেওঁ লগতে কিবিথুত সোণালী জয়ন্তী সীমা আলোকিত কাৰ্যসূচীৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ৯ টা ক্ষুদ্র জলশক্তি প্রকল্পও মুকলি কৰিব। এই বিদ্যুৎ প্রকল্পসমূহে সীমামুৰীয়া গাওঁৰ জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ২০২২ -২৩ ৰ পৰা ২০২৫-২৬ বিত্ত বৰ্ষৰ বাবে ভাইব্ৰেণ্ট ভিলেজ কার্যসূচীত অনুমোদন জনাইছে। এই কাৰ্যসূচীৰ অধীনত অৰুণাচল প্রদেশ, চিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ আৰু লাডাখৰ উত্তৰ সীমান্তৰ গাতে লাগি থকা ১৯ খন জিলাৰ ৪৬ টা উন্নয়ণ খণ্ডৰ ২ হাজাৰ ৯৬৭ খন গাওঁক সর্বাত্মক বিকাশৰ বাবে চিনাক্ত কৰা হৈছে। প্রথম পর্যায়ত – ৬৬২ খন গাওঁ অগ্ৰাধিকাৰৰ ভিত্তিত চিনাক্ত কৰা হৈছে। ইয়াৰে ভিতৰত অৰুণাচল প্ৰদেশৰ ৪৫৫ খন গাওঁ আছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে অৰুণাচল প্ৰদেশৰ লিকাবালি, বিহাৰৰ চাপ্ৰা, কেৰালাৰ নুৰান্দ আৰু অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আন্তঃগাঠনিৰ সম্প্ৰসাৰণৰ বাবে ভাৰত-তীববত সীমান্ত আৰক্ষীৰ প্রকল্প উদ্বোধন কৰিব। তেওঁ কিবিথুত ভাৰত-তীববত সীমান্ত আৰক্ষীৰ জোৱানৰ সৈতেও মত বিনিময় কৰিব। গৃহমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে সীমান্তৱৰ্তী জিলাৰ আত্মসহায়ক গোটৰ মহিলাসদস্যসকলে উৎপাদন কৰা সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব। ১১ এপ্ৰিলত শ্ৰীশ্বাহ নমাতি মৈদানলৈ যাব আৰু ৱালং যুদ্ধস্মাৰকত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!