প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেন্নাইৰ বিমানবন্দৰ নতুন সংহত আগমন-প্ৰস্থান ভৱনৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰে। ইতিমধ্যে এই বিমানবন্দৰটো বিৰামহীন বহুমুখী যোগাযোগ ব্যৱস্থা আৰু অগ্রিম সুবিধাৰ সৈতে দক্ষিণ ভাৰতৰ দুৱাৰমুখ হিচাপে প্রতিষ্ঠিত হৈছে। নতুন সংহত আগমন-প্রস্থান ভৱনৰ সৈতে সমগ্ৰ বিমান বন্দৰটোৱে প্ৰতিবছৰে তিনি কোটি যাত্ৰীক সামৰি লব পৰাকৈ সামৰ্থ। এই প্রকল্পটোৰ দ্বিতীয় পর্যায় সম্পূর্ণ হলে এই ক্ষমতা প্রতিবছৰে ৩ দশমিক ৫ কোটিলৈ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। মুঠ ২ হাজাৰ ৪৬৭ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা হৈছে। নতুন সংহত আগমন-প্ৰস্থান ভৱনটোৱে ১ দশমিক ৩৬ লাখ বর্গমিটাৰ সামৰি লৈছে। ভৱনটোত ১০০ টা চেক ইন কাউণ্টাৰ, ১০৮ টা ইমিগ্ৰেশ্বন কাউণ্টাৰ, ১৭ টা এলিভেটৰ আৰু ১৭ টা এস্কেলেটৰ থাকিব। এই নতুন ভৱনটোত আধুনিক আৰু পৰম্পৰাৰ সংমিশ্রনেৰে স্থাপত্য কলাৰ বিশেষ প্রতিফলন দেখা গৈছে। স্থানীয় তামিল সংস্কৃতি আৰু পৰম্পৰাগত সাজসজ্জা, মন্দিৰ, আদিৰ প্ৰতিচ্ছবিৰে আকর্ষণীয় বাৱে ভৱনটো সজাই তোলা হৈছে। এই শুভ উদ্বোধনী অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবী, মুখ্যমন্ত্রী এম কে ষ্টেলিন, কেন্দ্রীয় অসামৰিক বিমান চলাচল মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° এম জি ৰামচন্দ্ৰন ছেণ্ট্ৰেল ষ্টেছনৰ পৰা পতাকা জোকাৰি চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত ৰেলগাড়ীখনৰ শুভাৰম্ভ কৰে। নতুন বন্দে ভাৰত ৰেলগাড়ীখনে দুয়োটা দিশৰ পৰা যাত্ৰীৰ ভ্ৰমণ সময় ১ ঘণ্টাকৈ হ্ৰাস কৰিব। এই নতুন ৰেলৰ জৰিয়তে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, তথ্য প্রযুক্তি আৰু ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত ব্যক্তিসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।