চিকিৎসালয়ত বিছনাৰ অভাৱ হ’লে হোটেলত ৰাখিব ৰোগীক

0 min read

কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে জিলা প্রশাসন৷ দ্রুতগতি বৃদ্ধি অব্যাহত থাকিলে ক’ভিড–১৯ত আক্রান্তই যাতে পর্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ মঙলবাৰে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কর্তৃপক্ষৰ সৈতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়৷

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ড০ ৰথিন্দ্র ভূঞা, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰাকে ধৰি যথেষ্ট সংখ্যক শীর্ষ বিষয়া উপস্থিত থকা সভাখনত প্রধান সচিবগৰাকীয়ে ক’ভিডত আক্রান্ত হ’লে ৰোগীয়ে যাতে চিকিৎসালয়ৰ বিছনাৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰবাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক সমীপৰ হোটেলসমূহৰ লগত ‘টাই আপ’ কৰিবলৈ নির্দেশ দিয়ে৷ ‘এছিম্পট’মেটিক’ ৰোগীসকলক হোটেলসমূহলৈ স্থানান্তৰ কৰাৰ ক্ষেত্রত গুৰুত্ব দি প্রধান সচিবগৰাকীয়ে ২৪ ঘণ্টাৰ ভিতৰত হোটেলসমূহত উপলব্ধ বিছনা, কোঠা আদিৰ সকলো তথ্য জিলা প্রশাসনক অৱগত কৰিবলৈ সভাত আহ্বান জনায়৷

You May Also Like

More From Author