23.8 C
Assam
Monday, September 26, 2022

Featured News

কৰ’ণা ভেক্‌চিন: কেনেকৈ কৰিব পঞ্জীয়ন ?

Assamese Newsকৰ’ণা ভেক্‌চিন: কেনেকৈ কৰিব পঞ্জীয়ন ?

দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত শনিবাৰৰ পৰা কৰ’ণা ভেক্‌চিনৰ dry run আৰম্ভ কৰা হৈছে । ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিড-১৯ ভেক্‌চিন বিতৰণৰ বাবে google playstore বা apple store-ৰ পৰা এপ ডাউনলোড কৰিব লাগিব বুলি জনাইছে যাতে এই এপৰ জৰিয়তে নাম পঞ্জীয়ন কৰি টীকাকৰণ সূচাৰুৰূপে কৰিব পৰা যায় ৷ Co-WIN (COVID-19 Vaccine Intelligence Network) , eVIN (Electronic Vaccine Intelligence Network) আপগ্ৰেড কৰিব লাগিব আৰু এই এপ playstore-ৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব।

স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা জনাইছে যে চৰকাৰে তিনিটা পৰ্যায়ত কৰ’ণাৰ টীকা প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত frontline healthcare professionals আৰু দ্বিতীয় পৰ্যায়ত জৰুৰীকালীন সেৱাত জড়িত লোকসকলক দিয়া হ’ব। তৃতীয় পৰ্যায়ত শৰীৰত কঠিন ৰোগ থকাসকলে টিকা ল’ব পাৰিব আৰু ইয়াৰ বাবে Co-WIN এপৰ জৰিয়তে ছেলফ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। COVID-19 ভেকচিন ট্ৰেকিং, ৰেজিষ্ট্ৰেচন সুনিশ্চিত কৰাৰ বাবে Co-WIN এপে ৫টা মডিউল বনাইছে। যিসকলে টিকাকৰণ কৰিব বিচাৰে তেওঁলোকে পঞ্জীয়ন মডিউলত সকলো বিৱৰণ দিব লাগিব। Co-WIN এপত ভেকচিনৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৷ এই ৱেবছাইটত ৰেজিষ্ট্ৰাৰ কৰাৰ বাবে ১২খন ফটো আইডি লাগিব। যাৰ ভিতৰত আছে ভোটাৰ আইডি, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপ’ৰ্ট আৰু পেঞ্চনৰ নথি। ইয়াৰ ভিতৰত যিকোনো এখন প্ৰয়োজন হ’ব।

অনলাইনত ৰেজিষ্ট্ৰেশ্যনৰ পিছত নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত SMS আহিব য’ত তাৰিখ,ভেকচিনেচনৰ সময় আৰু ঠাইৰ সবিশেষ থাকিব ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: