উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হয় (HS final year special exam result declared) । ক’ভিড পৰিস্থিতিৰ বাবে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণাৰ পাছত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । ঘোষিত ফলাফল অনুসৰি ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে বঙাইগাঁও, যোৰহাট, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ।

তাৰ বিপৰীতে কামৰূপ মহানগৰৰ ফলাফল প্ৰকাশিত তালিকাৰ সৰ্বনিম্ন স্থানত আছে । উত্তীৰ্ণ হাৰ কেৱল মাত্ৰ ৭.৬৯ শতাংশ । কামৰূপ মহানগৰৰ ১৩ গৰাকী পৰীক্ষাৰ্থীয়ে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰে ভিতৰত কেৱল মাত্ৰ এগৰাকী পৰাক্ষাৰ্থীহে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ।

উল্লেখ্য যে ক’ভিড মহামাৰীৰ বাবে এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল । বিশেষ মূল্যায়ন পদ্ধতিৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল । যি ফলাফলক লৈ বহু পৰাক্ষাৰ্থী সন্তুষ্ট নাছিল । সেয়ে চৰকাৰে ধৰি দিয়া বিকল্প পদ্ধতিৰে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

১০ অক্টোবৰৰ পৰা ১১ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা । সেই পৰীক্ষাৰেই ফলাফল ঘোষণা কৰা হয় । www.ahsec.assam.gov.in ৱেব ছাইটত উপলব্ধ হয় এই ফলাফল ।

মুঠ ১,৪১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এই বিশেষ পৰীক্ষাত । এই পৰীক্ষাত কামৰূপ গ্ৰাম্যৰ সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ১২৭ গৰাকী পৰীক্ষাৰ্থীৰ ১০১ গৰাকীয়ে সাফল্য লাভ কৰে এই পৰীক্ষাত ।

GTM Desk