কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল

কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল

কামপুৰত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ বাসগৃহত কান্দোনৰ ৰোলষ কিন্তু কিয়? কিয় দুখত ভাঙি পৰিছে দুৰ্ভগীয়া পিতৃ–মাতৃ?

হিয়া ধাকুৰি কান্দিছে পিতৃ মাতৃয়ে৷ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় পাৰভিচ আহমেদ নামৰ ছাত্ৰজন৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! যোৱা ৯ মে’ত কপিলী নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লৈছিল ছাত্ৰজনে৷ ছাত্ৰজনৰ এই মৃত্যুক সহজে মানি ল’ব পৰা নাই পিতৃ–মাতৃৰ লগতে পৰিয়ালবৰ্গই৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা চাহাব উদ্দিন আৰু পাৰবিনা বেগমৰ একমাত্ৰ সন্তান পাৰভিচ আহমেদ বাসগৃহত আজি কান্দোনৰ ৰোল৷ শোকত ভাঙি পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিয়ালৰ লোকসকল৷

GTM Desk

Related