19.3 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা !

Assamese Newsকাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা !

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিম পৰ্য্যায়ৰ পৰ্য্যবেক্ষণ অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৷ ৯১২ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা !

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিম পৰ্য্যায়ৰ পৰ্য্যবেক্ষণ অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৷

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪ লাখ ২২ হাজাৰ ১ শ ৭৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ ইয়াৰে ১ লাখ ৯৪ হাজাৰ ৫৪ গৰাকী পুৰুষ প্ৰাৰ্থী ৷ ২ লাখ ২৮ হাজাৰ ১ শ ২০ গৰাকী মহিলা প্ৰাৰ্থী ৷ উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ বৰপেটা জিলাত সৰ্বাধিক ২৭ হাজাৰ ৬ শ ৪৭ গৰাকী প্ৰাৰ্থী ৷ বিপৰীতে মাজুলীত সৰ্বনিম্ন অৱতীৰ্ণ প্ৰাৰ্থী ৩ হাজাৰ ৩৭ গৰাকী ৷ বিগত বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হ’ব কিছু পৃথক ৷ পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰ প্ৰশ্নকাকত কিছু পৃথক হ’ব ৷ কিয়নো চাৰি বিষয়ত ৪৫ নম্বৰ হ’ব অৱজেক্টটিভ ৷ অৱজেক্টটিভ প্ৰশ্নৰ বাবে সুকীয়া উত্তৰ বহী ৷ নিখুট আৰু ক্ৰুটিমুক্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মাধ্যমিক শিক্ষা পৰিষদে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰাকে ধৰি গ্ৰহণ কৰিছে বিভিন্ন বিশেষ ব্যৱস্থা ৷ স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত নিয়োজিত থাকিব অসম আৰক্ষী ৷ শিক্ষাৰ্থীৰ সুবিধাৰ অৰ্থে বিগত বৰ্ষৰ তুলনাত এইবাৰ ৯ টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰিছে ছেবা কৰ্তৃপক্ষই ৷ অৱশ্যে পৰীক্ষা অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা পূৰ্বৰ প্ৰায় অনুৰূপ বুলি মন্তব্য মাধ্যমিক শিক্ষা পৰিষদৰ ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!