আইক’নিক ফেচ্ অৱ্ নৰ্থ ইষ্ট ২০২১

আইক’নিক ফেচ্ অৱ্ নৰ্থ ইষ্ট ২০২১

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকীও সম্ভাৱনাপূৰ্ণ মডেলৰ অংশগ্ৰহণেৰে সোমবাৰে গুৱাহাটীৰ শিল্পগ্ৰামত অন্ত পৰে আইক’নিক ফেচ্ অৱ্ নৰ্থ ইষ্ট ২০২১ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা। উত্তৰ-পূবৰ আঠোখন ৰাজ্যত অনুষ্ঠিত অডিচনৰ জৰিয়তে নিৰ্বাচিত প্ৰতিযোগীসকলে শিল্পগ্ৰামত অনুষ্ঠিত গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰে।

ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া অসম অমৃতা কাশ্যপো এই সৌন্দৰ্য প্ৰতিযোগিতাত উপস্থিত থাকে। প্ৰতিযোগিতাখনত লগতে উপস্থিত থাকে অভিনেতা শংকৰ কলিতা, ডিজে মেৰুন ৰয়, মীনা পাল, কণ্ঠশিল্পী আৰোহণ বৰদলৈ, অভিনেত্ৰী ইয়াংকী পৰাশৰ, ফটোগ্ৰাফাৰ ইউনিক বৰা, কণ্ঠশিল্পী তুলিকা দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

অনুষ্ঠানটোৰ বিজয়ীসকল হৈছে-

মিছ শ্ৰেণী:

বিজয়ী: লা-ই-বায়াণ্টা জে ননগচিজ

প্ৰথম ৰাণাৰ আপ: পলি দেৱী

দ্বিতীয় ৰাণাৰ আপ: মোক্ৰনে ডুক্ৰু

মিঃ শ্ৰেণী:

বিজয়ী: অনিকেত বিশ্ব

প্ৰথম ৰাণাৰ আপ: সুখলা

দ্বিতীয় ৰাণাৰ আপ: সোহান লামা

শ্ৰীমতী শ্ৰেণী

বিজয়ী: সুনীতা ফুকন

প্ৰথম ৰাণাৰ আপ: মিলি সিং

দ্বিতীয় ৰাণাৰ আপ: সুস্মিতা ফুকন

শিশু ল’ৰা শ্ৰেণী

ব্ৰেণ্ড এম্বাছেডৰ: মাৰৱীন ৰয়

বিজয়ী: অফৰুন্ত কৌশিক কলিতা

প্ৰথম ৰাণাৰ আপ: ত্ৰেভিছ খাৰমুদাই

দ্বিতীয় ৰাণাৰ আপ: ছেৰিং ধুন দুপ

শিশু B- ছোৱালী শ্ৰেণী

বিজয়ী: অনামিকা দাস

প্ৰথম ৰাণাৰ আপ: ঈশানী বৰুৱা

দ্বিতীয় ৰাণাৰ আপ: অদিতি শীল

শিশু C- ছোৱালী শ্ৰেণী

ব্ৰেণ্ড এম্বেছেডৰ-অলিম্পিয়া লাহন

বিজয়ী: আক্ষা ৰহমান

প্ৰথম ৰাণাৰ আপ: এফোনা আই লেমিন

দ্বিতীয় ৰাণাৰ আপ: আলিছা বৰা

GTM Desk

Related