কোনে পাব পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ টিকট ?

1 min read

গুৱাহাটী টাইমচ’ৰ সমীক্ষাত এই চাৰি গৰাকীৰ ভিতৰত কোনোবা এজনে টিকট পোৱাটো ১০০% নিশ্চিত |

অসম বিধানসভা নিৰ্বাচনক লৈ সমষ্টি সমূহত প্ৰাৰ্থীত্বৰ দাবীদাৰ বহু হাইপ্ৰফাইল নেতা | পিছে কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে পাব দলীয় টিকত আজি হ’ৱ প্ৰায় চূড়ান্ত | BJP-AGP-UPPL মিত্ৰজোটৰ প্ৰাৰ্থীৰ তালিকা আজি বিয়লি ভাগত ঘোষণা হোৱাটো প্ৰায় চূড়ান্ত | বহু বিধায়কৰ নাম কটা যোৱাটো প্ৰায় নিশ্চিত | নতুন মুখৰ বহু প্ৰাৰ্থীয়ে বিজেপিৰ পৰা এইবাৰ দলীয় টিকত লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা | এইক্ষেত্ৰত ৬৪ নং পানেৰী বিধানসভা সমষ্টিত বিগত ৪টা কাৰ্যকাল বিপিএফৰ শাসনত থকা সমষ্টিটোত এইবাৰ বিজেপিৰ চকু | পানেৰী বিধানসভা সমষ্টিত যদিহে ইউ পি পি এল আৰু বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে থিয় কৰাই, তেন্তে পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে টিকত পোৱাটো প্ৰায় নিশ্চিত | এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰত্যাশী তালিকা ১৬ গৰাকীলৈ বৃদ্ধি পাইছে | গুৱাহাটী টাইমচ’ৰ এক সমীক্ষাত চাৰি গৰাকী ব্যক্তিৰ ভিতৰত কোনোবা এজনে দলীয় টিকত পোৱাটো প্ৰায় ১০০% নিশ্চিত | পিছে কোন কোন সেই চাৰি গৰাকী বিশেষ ব্যক্তি |

১) শ্ৰীযুত কাৰ্তিক চন্দ্ৰ বড়ো: ওদালগুৰি জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়োৰ নাম প্ৰথম স্হানত | তেওঁ দুবাৰকৈ বিটিচিৰ হৰিশিঙা পৰিষদীয় সমষ্টিত পাৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল |

২) শ্ৰীযুত শান্তিয়ুজ কুজুৰ : বৰ্তমান বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক | ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ | লগতে বিটিচিৰ ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত দুবাৰকৈ পাৰিষদ তথা বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যকাল শেষ কৰিছে | ২০১৬ চনত পানেৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল |

৩) শ্ৰীযুত সুজিত সৰকাৰ : বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক | প্ৰাক্তন ছাত্ৰ নেতা তথা পানেৰী বিধানসভা সমষ্টিৰ এজন সফল যুৱ ব্যৱসায়ী | বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত |

৪) জোনমনি শইকীয়া : ওদালগুৰি জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক | লগতে অসমৰ সাংস্কৃতিক জগতখনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত তথা সু-অভিনেত্ৰী |

You May Also Like

More From Author