34.6 C
Assam
Sunday, May 28, 2023

Featured News

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ

-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ...

দিছপুৰৰ বৰ ঘৰত সন্দেহযুক্ত নাগৰিকৰ বেদখল

Assamese Newsদিছপুৰৰ বৰ ঘৰত সন্দেহযুক্ত নাগৰিকৰ বেদখল
ছিপাঝাৰ গৰুখুটিৰ উচ্ছেদ অভিযানে ৰাজ্য তোলপাৰ লগোৱাৰ পিছত এইবাৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে দিছপুৰ সমষ্টি । নাৱেৰে দিছপুৰ সমষ্টিৰ ভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে সাজিলে ঘৰ-দুবাৰ । সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ খোদ ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাৰ। সোমবাৰে সংবাদ মাধ্যমৰ আগত দিছপুৰীয়া বিধায়ক জনে কয় যে, ডিমৰীয়া সোণাপুৰ অঞ্চলৰ পাৰঘুমা, কচুতলি, বেলটিলা আদি ঠাইত গৰুখুটিৰ উচ্ছেদৰ গইনা লৈ হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিক আহি চৰকাৰী মাটি বেদখল কৰি ঘৰ দুবাৰ সাজিছে । এইসকল লোকক প্ৰশাসনে যদি অতি সোনকালে উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ডিমৰীয়া সোণাপুৰ হহৰা পঞ্চায়তত সন্দেহজনক লোকৰে ভৰি পৰিব আৰু পিচলৈ এইসকল লোকক উচ্ছেদ কৰাটো কঠিন হৈ পৰিব। ইতিমধ্যে এই সন্দৰ্ভত বিধায়ক গৰাকীয়ে যোৱা ২৫ ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলা উপযুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যদিও এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে । চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা প্ৰদক্ষেপক আদৰণি জনাই বিধায়ক অতুল বৰাই কয়-চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰাটো ৰাজহ চক্ৰ কাৰ্যালয় আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম আৰু প্ৰধান কাম। যদিহে এই দুটি কাৰ্যালয়ে বেদখল উচ্ছেদ কৰিব নোৱাৰে তেতিয়াহলে বিধায়ক অতুল বৰাই নিজে যাঠি-জোঙ লৈ হ’লেও উচ্ছেদকাৰী সকলক খেদি পঠিয়াবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!