নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল

1 min read

 অৱশেষত ৰাজ্য তথা দেশ কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল ৷ এই হত্যাকাণ্ড সন্দৰ্ভত ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিলে ধেমাজি আৰক্ষীয়ে ৷ সোমবাৰে ধেমাজি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ৩৬ দিনৰ পিছত এই চাৰ্জশ্বিট দাখিল কৰে ধেমাজিৰ আদালতত ৷ এই চাৰ্জশ্বিটত আছে হত্যাকাৰী ধেমাজি মৰিধল মহাবিদ্যালয়ৰ যুৱ কৰ্মচাৰী ৰিণ্টু শৰ্মা বিৰুদ্ধে ১৫ গৰাকী সাক্ষীৰ সাক্ষ্য ৷

উল্লেখযোগ্য যে, যোৱা ২১ আগষ্টত দিন দুপৰতে ধেমাজি সদৰৰ মজিয়াত হত্যাকাৰী ৰিণ্টু শইকীয়াই ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক উপৰ্যুপৰি এখন চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে ৷ প্ৰায় মুমূৰ্ষু অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জৰুৰীকালীনভাৱে অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক ৷

যদিও মৃত্যুৰ সৈতে যুঁজ দি 4 দিনৰ পিছত অৱশেষত ২৫ আগষ্টত মৃত্যুৰ শীতল কোলাত ঢলি পৰে প্ৰতিভাৱান ছাত্ৰী নন্দিতা শইকীয়া ৷ এই একেটা ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নন্দিতা শইকীয়াৰ সহপাঠী কাশ্মিনা দত্ত আৰু কাশ্মিনাৰ পিতৃ দেৱ দত্ত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি সংকটমুক্ত হয় ৷

এই পাশৱিক ঘটনাই ধেমাজি জিলাৰ লগতে সমগ্ৰ অসমতে জোকাৰণি তোলাৰ বিপৰীতে বিভিন্ন দল-সংগঠনে হত্যাকাৰীৰ উপযুক্ত শাস্তিৰ দাবীত আন্দোলনত জপিয়াই পৰিছিল ৷ ইপিনে ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰি ৰাজ্যৰ কেবিনেটে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ সম্প্ৰতি, হত্যাকাৰীয়ে উচিত শাস্তি লাভ কৰা আশা কৰিছে বুলি মন্তব্য কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

You May Also Like

More From Author